বিশেষ বাৰ্তা, ২৪ জুলাইঃ বিজেপি আৰু জেডিএছৰ ওচৰ চাপি অহা সম্পৰ্কৰ জল্পনা-কল্পনাৰ পিছত কৰ্ণাটকত তীব্ৰতৰ হৈ পৰিছে ৰাজনীতি। এতিয়া কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বিৰোধী দলসমূহে কংগ্ৰেছ চৰকাৰ ওফৰাই দিয়াৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। আজি সংবাদ সংস্থা এএনআইক শিৱকুমাৰে কয় যে বিজেপি আৰু জেডিএছৰ নেতাসকলে আপোচ কৰিবলৈ চেষ্টা কৰিছে। বাংগালুৰু বা নতুন দিল্লীত লগ হ’ব নোৱাৰিলে, এতিয়া ছিংগাপুৰৰ টিকট বুকিং কৰিছে। তেওঁ কয় যে আমাৰ শত্ৰুবোৰ বন্ধু হৈ পৰিছে। কৰ্ণাটকত কংগ্ৰেছ চৰকাৰক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিবলৈ ছিংগাপুৰলৈ যোৱা লোকৰ তথ্য মোৰ হাতত আছে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছিংগাপুৰত ‘মাষ্টাৰ ষ্ট্ৰেটেজী’ চলি আছে বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ ছিংগাপুৰ ভ্ৰমণৰ বিষয়ে সোধাত ডি কে শিৱকুমাৰে এই মন্তব্য কৰে। ডি কে শিৱকুমাৰে কয় যে তেওঁৰ (এইচ ডি কুমাৰস্বামী) ছিংগাপুৰ ভ্ৰমণৰ বিষয়ে মই অৱগত। ইয়াত বেংগালুৰুত গেম প্লেন বনোৱাৰ পৰিৱৰ্তে তেওঁ ছিংগাপুৰলৈ গৈছিল এটা কৌশলৰ কাম কৰিবলৈ। আমি সকলো জানো। ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই আৰু এইচ ডি কুমাৰস্বামীয়ে বেংগালুৰুৰ যৌথ সংবাদমেলত ঘোষণা কৰে যে তেওঁলোকে বিভিন্ন বিষয়ত ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে একেলগে কাম কৰিব। ইয়াৰ পিছত এইচ ডি কুমাৰস্বামী দেওবাৰে ছিংগাপুৰলৈ যায়। এই জল্পনা-কল্পনাক খাৰিজ কৰিলে এইচ ডি দেৱেগৌড়াই। এই সন্দৰ্ভত জেডিএছৰ ছুপ্ৰিমো তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই স্পষ্টকৈ কয় যে তেওঁৰ বিজেপিৰ সৈতে মিত্ৰতা বা এনডিএত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। তেওঁ কয় যে দলটোৱে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু এন ডি এ বা বিৰোধী দলে গ্ৰেণ্ড এলায়েন্স ইণ্ডিয়াত যোগদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই। এইচ ডি কুমাৰস্বামীয়ে বেংগালুৰুৰ বিৰোধী বৈঠকৰ বাবে আই এ এছ বিষয়া নিয়োগ কৰাৰ তীব্ৰ বিৰোধিতা কৰে। ইয়াৰ উপৰি যেতিয়া কৰ্ণাটক বিধানসভাৰ পৰা বিজেপিৰ দহজন বিধায়কক নিলম্বিত কৰা হৈছিল, তেতিয়াও তেওঁ তাক গৰিহণা দিছিল আৰু বেংগালুৰুত বিধানসভাৰ বাহিৰত বিজেপি নেতাৰ সৈতে প্ৰতিবাদ কৰিছিল।