বিশেষ বাৰ্তা, ১৬ মেঃ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীক লৈ দিনকদিনে বাঢ়িছে চাচপেন্স। আজিও মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত অব্যাহত আছে বৈঠক। দিল্লীত উপস্থিত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ। দুয়োজনে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিছে। পূৰ্বে আজি সন্ধিয়াৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব বুলি কোৱা হৈছিল যদিও এতিয়া সূত্ৰই জনোৱা অনুসৰি আজি মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নহ’ব। সূত্ৰ অনুসৰি কাইলৈ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হব। লগতে দিল্লীত নহয় বেংগালুৰুতহে কৰা হ’ব এই ঘোষণা। এই ঘোষণাৰ পিছত চি এল পিৰ এখন বৈঠক আহ্বান কৰা হ’ব আৰু নেতা নিৰ্বাচন কৰাৰ পিছত পুনৰ ৰাজ্যপাল সদনলৈ গৈ দাবী দাখিল কৰিব। আজি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধীকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে কংগ্ৰেছ বিধানসভা দলৰ নেতা নিৰ্বাচনৰ বাবে আলোচনাত মিলিত হয়। খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকত তেওঁ আৰু ৰাহুল গান্ধীৰ উপৰি দলৰ সংগঠনৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু কৰ্ণাটকৰ প্ৰভাৰী ৰণদীপ সুৰ্জেৱালাই অংশগ্ৰহণ কৰে। খাৰ্গেক লগ পোৱাৰ পূৰ্বে শিৱকুমাৰে কৈছিল যে একাংশ লোকে মই পদত্যাগ কৰিছো বুলি উৰাবাতৰি বিয়পাইছে। এইটো সঁচা নহয়, আজেবাজে কথা। কংগ্ৰেছ দল মোৰ মা। আমাৰ সকলো বিধায়ক আমাৰ লগত আছে। ইয়াৰ পূৰ্বে সোমবাৰে কংগ্ৰেছৰ সভাপতি খাৰ্গে দলৰ তিনিওজন তত্বাৱধায়কৰ সৈতে ব্যাপক আলোচনা কৰিছিল যদিও কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল। সকলো নেতাৰ লগত আলোচনা কৰাৰ পাছত এতিয়া চূড়ান্ত সিদ্ধান্তৰ বাবে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ লগত আলোচনা কৰিব খাৰ্গেই। ১০ মে’ত ৰাজ্যখনৰ ২২৪জনীয়া বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰাৰ বিপৰীতে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে ৬৬খন আৰু জনতা দলে (ধৰ্মনিৰপেক্ষ) ১৯খন আসন লাভ কৰে।