নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে জাতিটো ৫০ বছৰলৈ সুৰক্ষিত হ’বঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ অসমৰ ১২৬টা সমষ্টি পুনৰ গঠনৰ পোষকতা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । খিলঞ্জীয়াৰ স্বাৰ্থত সমষ্টি পুনৰ গঠনৰ প্ৰয়োজনীয়তা আছে, বেলেগ কোনো কথাই অসমীয়াক ৰক্ষা কৰিব নোৱাৰে। খিলঞ্জীয়াৰ স্বাৰ্থত যদি এটা সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেতিয়া হ’লেহে আমাৰ জাতিটো ৫০ বছৰলৈ সুৰক্ষিত হ’ব বুলি মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ । তেওঁ লগতে কয় যে ডিলিমিটেছনটো আদৰণীয় কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থত হ’ব লাগিব, খিলঞ্জীয়াৰ সমষ্টি বাঢ়িব লাগিব আৰু আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই ডিলিমিটেছন হ’ব লাগিব। ১২৬টা সমষ্টিৰ অন্তত ১১০ৰ পৰা ১০৫টা সমষ্টি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে সুৰক্ষিত হ’ব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

       আনহাতে সমষ্টি পুনৰ গঠনৰ বিৰোধিতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।এয়া অসম চৰকাৰৰ ভুল সিদ্ধান্ত বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন কৰিব বিচাৰিছে। সমষ্টি পুনৰ গঠন অসমৰ বাবে ক্ষতিকাৰক আৰু NRCৰ পৰা বাদ পৰা ১৯লাখ লোকক এৰি কেনেকৈ সমষ্টি পুনৰ গঠন সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে।

You might also like