নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ খুমটাইৰ বৰফলং চাহ বাগিচাত এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ প্রাপ্ত তথ্য অনুসৰি খুমটাই থানাৰ অন্তর্গত বৰফলং চাহ বাগিচাত শুকুৰবাৰে পুৱা প্রায় ৯ মান বজাত শ্রমিকে পাত তুলিবলৈ যাওঁতে মৃত নাহৰফুটুকীটো প্রত্যক্ষ কৰে ৷ উল্লেখ্য যে অঞ্চলটোত পূর্বতে বাঘে বিচৰণ কৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ আনহাতে দুটা বাঘৰ মাজত হোৱা সংঘর্ষৰ মাজতে নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে ৷ সাধাৰণতে এলেকা দখলৰ যুঁজত এইদৰে নাহৰফুটুকীয়ে যুঁজত লিপ্ত হয় ৷ তদুপৰি বাঘটোৰ মৃতদেহ দেখি প্রায় দুদিনৰ আগতেই বাঘটোৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত আবেলি ঘটনাস্থলীত বন বিভাগ উপস্থিত হয় ৷ আৰু মৃত বাঘটোক সেই স্থানতে সৎকাৰ কৰে ৷ ফৰেষ্ট ৱান ইন্দ্রনাথ শইকীয়াৰ লগতে কেইবাগৰাকী বনকর্মী উপস্থিত থাকে ৷