খোল খালে কংগ্রেছৰ আমোলৰ ১০০ কোটি টকীয়া কৃষি কেলেংকাৰি
নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ দুখীয়া কৃষকক পাৱাৰ টিলাৰ আৰু পাম্পছেট যোগানৰ নামত কংগ্রেছৰ কার্যকালত সংঘটিত বিয়াগোম কৃষি কেলেংকাৰিৰ তদন্তৰ ফাইল পুনৰ খোল খাইছে৷ কৃষি সামগ্রীৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ২০১০–১১ বর্ষৰ পৰা ২০১৪–১৫ বর্ষৰ ভিতৰত কৃষি বিভাগে গ্রহণ কৰা একাধিক আঁচনিৰ নামত সংঘটিত হৈছিল ভয়ংকৰ কেলেংকাৰি৷ প্রায় ১০০ কোটি টকাৰ এই কেলেংকাৰিৰ তদন্ত পৰৱর্তী সময়ত ৰহ্যসজনক কাৰণতে স্থবিৰ হৈ পৰিছিল৷ কিন্তু শেহতীয়াকৈ পুনৰ খোল খাইছে এই বিয়াগোম কেলেংকাৰিৰ ফাইল৷ আজি বিশেষ আদালতত ১০০ কোটি টকীয়া কৃষি কেলেংকাৰিৰ তদন্ত চলাই থকা অসম আৰক্ষীৰ চি আই ডিয়ে দাখিল কৰিলে বহু নথি–পত্র৷ কার্যতঃ ইয়াৰ জৰিয়তে ৭ বছৰৰ অন্তত এই কেলেংকাৰিৰ তদন্তই নতুন মোৰ লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ উল্লেখ্য যে কংগ্রেছৰ তদানীন্তন কৃষিমন্ত্রী নীলমণি সেন ডেকাৰ কার্যকালত সংঘটিত এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰিছিল দলটোৰ কেইবাজনো নেতা–পালিনেতাৰ লগতে কৃষিমন্ত্রী ডেকাৰ নাম৷ চি আই ডিয়ে চলোৱা এই তদন্তত প্রাক্তন মন্ত্রীজনৰ আত্মীয়ৰ গুদামত উদ্ধাৰ হৈছিল পৰিত্যক্ত বহু পাৱাৰ টিলাৰ৷ পাৱাৰ টিলাৰ আৰু পাম্পছেট যোগান নধৰাকৈয়ে কেইবাটাও প্রতিষ্ঠানে বিভাগৰ পৰা ধন উলিয়াই নিয়াই নহয়, অস্তিত্বহীন কৃষক তথা প্রতিষ্ঠানৰ নামত আবণ্টন দিয়া হৈছিল শ শ পাম্পছেট আৰু পাৱাৰ টিলাৰ৷ তদুপৰি ৰাজ্যৰ বিভিন্ন জিলাত তদন্তৰ সময়ছোৱাতে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল কেইবাশ পাৱাৰ টিলাৰ আৰু পাম্পছেট৷ কংগ্রেছৰ অন্তিমটো কার্যকালত সংঘটিত এই কেলেংকাৰিক লৈ চৌদিশে উঠা অভিযোগৰ পৰিপ্রেক্ষিততেই চি আই ডিয়ে এই তদন্তৰ প্রক্রিয়া আৰম্ভ কৰি সংগ্রহ কৰিছিল একাধিক নথি–পত্র৷ এই তদন্ততেই চি আই ডিয়ে ৬০টা ট্রাংকত জমা কৰিছিল জব্দকৃত বিভিন্ন নথি–পত্র৷ আজি এই নথি–পত্রৰ একাংশ বিশেষ আদালতত দাখিল কৰা হয়৷ চি আই ডিৰ তদন্তকাৰী বিষয়াই প্রকাশ কৰা মতে, ন্যায়িক প্রক্রিয়া আগুৱাই নিয়াৰ লক্ষ্যৰে আদালতত ক্রমান্বয়ে দাখিল কৰা হ’ব জব্দকৃত সকলো নথি–তথ্য৷ মন কৰিবলগীয়া যে ১০০ কোটি টকাৰ এই কেলেংকাৰিত জড়িত হৈ পৰাৰ অভিযোগত ৰাজ্যৰ কেইবাখনো জিলাৰ ৭০জনকৈ কৃষি বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ সমান্তৰালভাৱে অভিযোগ উঠিছিল তেতিয়াৰ কৃষিমন্ত্রী ডেকাৰ বিৰুদ্ধে৷ প্রাক্তন মন্ত্রীজনৰ অঙহী–বঙহীৰ লগতে ঘনিষ্ঠ কেইবাজনেও সেই সময়ছোৱাত লাভ কৰিছিল পাৱাৰ টিলাৰ আৰু পাম্পছেট যোগানৰ ঠিকা৷ কিন্তু বিভাগীয় অর্ডাৰক এলাগী কৰি নির্দিষ্ট কৰি দিয়া সামগ্রী যোগান নধৰাকৈয়ে মন্ত্রীৰ ঘনিষ্ঠ হোৱা বাবেই উলিয়াই নিছিল ধন৷ কার্যতঃ এনেদৰে চলা লুণ্ঠনৰ ফলত কেলেংকাৰি হোৱা ধনৰ পৰিমাণে ১০০ কোটি টকা স্পর্শ কৰিছিল৷ অৱশ্যে অভিযোগ উঠা ৭০জন বিষয়া–কর্মচাৰীয়ে পৰৱর্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু তদন্ত প্রক্রিয়া আগুৱাই নি এই কেলেংকাৰি সন্দর্ভত ইতিমধ্যে চি আই ডিয়ে বিশেষ আদালতত দাখিল কৰিছে ৬খনকৈ চার্জশ্বীট৷ এই চার্জশ্বীটতেই কেলেংকাৰি সংঘটিত কৰা ২৬জন বিষয়াৰ নাম উল্লেখ কৰা আছে৷ কিন্তু ইয়াৰ পাছতো হঠাতে তদন্ত প্রক্রিয়া স্থবিৰ হৈ পৰা বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰিছিল৷ দুখীয়া খেতিয়কৰ নামত আবণ্টিত ধনৰ ওপৰত চলোৱা এনে লুণ্ঠনকাৰীসকল সাৰি যাব নেকি, তাক লৈও প্রশ্ণ উত্থাপন হৈছিল৷ কিন্তু আজি বিশেষ আদালতত চি আই ডিয়ে পুনৰ স্থবিৰ হৈ পৰা এই কেলেংকাৰিৰ ফাইল খুলিলে৷ এই সন্দর্ভত অৱশ্যে চি আই ডিয়ে বিশেষ তথ্য ফাদিল কৰা নাই যদিও তদন্ত প্রক্রিয়া আগবঢ়াৰ লগে লগে বিয়াগোম দুর্নীতিত লিপ্ত খলনায়কসকলৰ মুখা খোল খোৱাৰ পূর্ণ সম্ভাৱনা আছে৷