নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজৰঙাত গঁড় চিকাৰৰ পূৰ্বে পূজা চোৰাং চিকাৰীৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ গঁড় চিকাৰৰ পূৰ্বে জংঘলৰ মাজত পূজাত বহে চোৰাং চিকাৰীৰ দল । কাকমাই দেৱীক পূজা কৰি গঁড় চিকাৰলৈ যায় চোৰাং চিকাৰী । মঙলবাৰে নিশা বিশ্বনাথত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৪ চোৰাং চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পাছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ।

বন বিভাগৰ অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছিল এই চাৰি চোৰাং চিকাৰী । ধৃত চোৰাংচিকাৰী কেইটা হৈছে- মণিপুৰৰ পাউচং গুইতে, বিহপুৰীয়াৰ বাবুল দাস, বিহালীৰ বিমল বনিয়া আৰু চাৰিদুৱাৰৰ সুখদেৱ মুখীয়া । ইপিনে এই চোৰাংচিকাৰী দলটোৰ পৰা দা, কুঠাৰ, ৰচদ পাতিৰ লগতে উদ্ধাৰ হৈছিল পূজাত ব্যৱহাৰ কৰা সামগ্ৰী । য’ত আছিল সেন্দূৰ, ফণী আৰু ক’লা খাৰু । ইয়াৰ পাছতে গঁড় চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি- “গঁড় চিকাৰলৈ যোৱাৰ পূৰ্বে ফণী, খাৰু তেল ধূপ দি ঘন জংঘলৰ মাজত পূজাত বহে গঁড় চিকাৰীৰ দল” । তেওঁলোকৰ বিশ্বাস যে কাজিৰঙাৰ দেৱীৰূপে বিশ্বাস কৰা কাকমাই দেৱীক তেনেদৰে পূজা দিলে গঁড় চিকাৰত সহায়ক হয় । আনহাতে কাজিৰঙাত গঁড় চিকাৰৰ পূৰ্বে চোৰাং চিকাৰীয়ে কাকগোসাঁনী থানতো পূজা অৰ্চনা কৰে ।

You might also like