নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত জনসংখ্যা ২০ লাখ, অগ্নিনিৰ্বাপনৰ গাড়ী মাত্ৰ ২৪ খন

গুৱাহাটীৰ অগ্নিকাণ্ডত উন্মোচিত অগ্নিনিৰ্বাপক বাহিনীৰ ফোঁপোলা স্বৰূপ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি কণমানিয়ে প্ৰাণ হেৰুওৱা ঘটনাই ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ সময়তে উন্মোচিত হৈছে ৰাজ্যৰ অগ্নিনিৰ্বাপক বাহিনীৰ ফোঁপোলা স্বৰূপ । জৰুৰীকালীন সেৱা হিচাপে অগ্নিনিৰ্বাপক বাহিনীক প্ৰদান কৰিবলগীয়া সা-সুবিধা প্ৰদানত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ বিশেষকৈ বাহিনীটোৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি খালী পদ পূৰণৰ ক্ষেত্রত লোৱা হোৱা নাই ব্যৱস্থা ৷ প্রাপ্ত তথ্য অনুসৰি অগ্নিনিৰ্বাপক বাহিনীত বর্তমানে খালী হৈ আছে ৬৩৫টা পদ ৷ এক শীর্ষ সূত্রই সদৰী কৰা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ আবণ্টিত পদৰ সংখ্যা হৈছে ২,৯৭০টা ৷ ইয়াৰ বিপৰীতে বর্তমানে বাহিনীটোত কর্মৰত হৈ আছে ২,৩৩৫গৰাকী কর্মচাৰী ৷

জানিব পৰা মতে, বর্তমান অগ্নিনিৰ্বাপক বাহিনীৰ জ্যেষ্ঠ ষ্টেচন বিষয়াৰ এটা পদ খালী হৈ আছে ৷ ষ্টেচন বিষয়াৰ মুঠ আবণ্টিত পদৰ সংখ্যা হৈছে ১২৩টা ৷ ইয়াৰে ৬২টা পদেই বর্তমান খালী হৈ আছে ৷ আনহাতে, উপ–বিষয়াৰ ২১৯টা পদৰ খালী হৈ আছে ২৪টা পদ ৷ লীডিং ফায়াৰমেনৰ মুঠ আবণ্টিত পদৰ সংখ্যা হৈছে ৪৮৩টা ৷ ইয়াৰ বিপৰীতে বর্তমান কর্মৰত লীডিং ফায়াৰমেনৰ সংখ্যা হৈছে ৪০১জন ৷ অর্থাৎ খালী হৈ আছে ৮১টা পদ৷ একেদৰে ফায়াৰমেনৰ ১৫০২টা পদৰ বিপৰীতে কর্মৰত হৈ আছে ১,০৯০গৰাকী কর্মচাৰী ৷ অর্থাৎ খালী হৈ আছে ৪১২টা পদ ৷ অগ্নিনিৰ্বাপক বাহিনীত বর্তমানে খালী হৈ আছে ১৮টা গাড়ীচালকৰ পদো ৷ অতি জৰুৰীকালীন সেৱাসমূহৰ অন্যতম অগ্নিনিৰ্বাপক সেৱাৰ এই বৃহৎসংখ্যক পদ খালী হৈ থকাৰ ফলত সুচাৰুৰূপে কাম–কাজ পৰিচালনাত সৃষ্টি হৈছে সমস্যাৰ ৷ যাৰ বাবে বহু সময়ত কর্মচাৰীৰ অভাৱৰ বাবেই সময় মতে অগ্নিনিৰ্বাপনস্থলীত উপস্থিত হ’ব নোৱাৰে বাহিনীটোৰ বাহন ৷

উল্লেখ্য যে ৰাজ্যত বর্তমান মুঠ ফায়াৰ ষ্টেচনৰ সংখ্যা হৈছে ১৩৯টা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ গাড়ীৰ সংখ্যা হৈছে ৬১৯খন ৷ ফায়াৰ পাম্পৰ সংখ্যা হৈছে ২৫০টা ৷ আনহাতে, ফায়াৰ টেণ্ডাৰ আছে ৪৪০খন৷ বাহিনীটোৰ উদ্ধাৰকাৰী বাহনৰ সংখ্যা হৈছে ৩২খন ৷ অৱশ্যে গুৱাহাটীত অগ্নিনিৰ্বাপন বাহনৰ সংখ্যা যথেষ্ট কম ৷ ৰাজধানী চহৰ গুৱাহাটীৰ প্রায় ২০ লাখ জনসংখ্যাৰ বিপৰীতে থকা অগ্নিনিৰ্বাপক বাহনৰ সংখ্যা হৈছে মাত্র ২৪খন ৷ গুৱাহাটী মহানগৰীত অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচনৰ সংখ্যা হৈছে ৭টা ৷ ইয়াৰে পাণবজাৰস্থিত গুৱাহাটী ষ্টেচনত আছে ৬খন বাহন ৷ একেদৰে দিছপুৰ ষ্টেচনত ৪খন, চানমাৰি ষ্টেচনত ৩খন, লখৰা ষ্টেচনত ৩খন, পাণ্ডু ষ্টেচনত ৪খন, চন্দ্রপুৰ ষ্টেচনত ২খন আৰু সোণাপুৰ ষ্টেচনত ২খন অগ্নিনিৰ্বাপক বাহন আছে ৷ গুৱাহাটীত অগ্নিনিৰ্বাপক বাহিনীৰ বাইকৰ সংখ্যা হৈছে ৪খন ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বৃহস্পতিবাৰে বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পাছতো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যথেষ্ট পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ উপৰি সময়ে সময়ে অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈয়েই থাকে ৷ ইয়াৰ পৰিপ্রেক্ষিতত জনবহুল মহানগৰীত অগ্নিনিৰ্বাপক বাহিনীৰ ২৪খন বাহনে কিদৰে জৰুৰীকালীন সময়ৰ অভাৱ পূৰণ কৰিব পাৰিব বুলি প্রশ্ন কৰি আহিছে সচেতন মহলে ৷

ইপিনে মহানগৰীখনৰ ৰাস্তা–ঘাটসমূহ অপৰিকল্পিত আৰু ঠেক হোৱা বাবেও অগ্নিনিৰ্বাপক বাহিনী বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ শীর্ষ সূত্রটোৱে সদৰী কৰা মতে, কিছু বছৰ পূর্বে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে এক সমীক্ষা কৰি মহানগৰীত অগ্নিনির্বাপক বাহিনীৰ গাড়ী সোমাব নোৱাৰা একাধিক পথ–উপপথ চিনাক্ত কৰি গুৱাহাটী পৌৰ নিগমক অৱগত কৰিছিল ৷ কিন্তু আজিপর্যন্ত এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল নিগমৰ ৷ একে সময়তে সূত্রটোৱে প্রকাশ কৰা অনুসৰি মহানগৰীৰ পথসমূহত কেবল, বিদ্যুতকে ধৰি ইণ্টাৰনেট সেৱা আদিৰ তাঁৰসমূহ ভূমিৰ পৰা কম উচ্চতাত সংস্থাপন কৰা বাবেও বহু সময়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় অগ্নিনিৰ্বাপক বাহিনী ৷ কিন্তু এইক্ষেত্রতো কোনো ব্যৱস্থা গ্রহণ কৰা নাই সংশ্লিষ্ট কর্তৃপক্ষই ৷ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সময়ত বাহিনীৰ গাড়ী প্রৱেশ কৰিব নোৱাৰে আৰু অগ্নিকাণ্ডসমূহত অধিক ক্ষয়–ক্ষতি হৈ আহিছে ৷ বৃহস্পতিবাৰৰ ঘটনাও ইয়াৰে এক অন্যতম উদাহৰণ ৷

You might also like