নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ পৰাই টীম ইণ্ডিয়াই আৰম্ভ কৰিব ২০২০ বর্ষ; আজিৰে পৰা টিকট বিক্রী আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ পুৰণিক বিদায় দি নতুনক আদৰাৰ এই উৎসৱমুখৰ সময়তে ৰাজ্যবাসীক চুই যাব সীমাহীন ক্ৰিকেট উন্মাদনাই । নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যলৈ এই উন্মাদনা কঢ়িয়াই আনিব আপোনাৰ পছন্দৰ ক্রিকেট তাৰকাসকলে৷

৫ জানুৱাৰীত গুৱাহাটীলৈ আহিব বিৰাট কোহলি, শিখৰ ধাৱন, ঋষভ পণ্ট, শ্রেয়াছ আয়াৰ, ৰবীন্দ্র জাদেজা আদিৰ দৰে চিনাকি তাৰকাসকল৷

গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত দলটোৱে শ্রীলংকাৰ বিৰুদ্ধে খেলিব শৃংখলাৰ প্রথম টি–২০৷ অর্থাৎ গুৱাহাটীৰ পৰাই কোহলিৰ টীম ইণ্ডিয়াই আৰম্ভ কৰিব ২০২০ বর্ষ৷

বহুপ্রত্যাশিত এই মেচখনৰ বাবে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি চলাই আছে অসম ক্রিকেট সন্থাই৷ ভাৰত–শ্রীলংকাৰ বেট–বলৰ ৰোমাঞ্চকৰ যুঁজলৈ মাজত প্রায় ১০টা দিন বাকী থকা অৱস্থাত আজিৰে পৰা অসম ক্রিকেট সন্থাই দর্শকৰ বাবে মুকলি কৰি দিব অনলাইন টিকট৷

সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই প্রকাশ কৰা অনুসৰি, বুধবাৰে পুৱা ৮ বজাৰ পৰা ক্রিকেটানুৰাগীয়ে Bookmyshow.com ৰ জৰিয়তে টি–২০ মেচখনৰ টিকট বুকিং কৰিব পাৰিব৷

এগৰাকী ব্যক্তিয়ে সর্বাধিক ৬টা টিকট ক্রয় কৰিব পাৰিব আৰু টিকটৰ মূল্য হ’ব সর্বনিম্ন ৩০০ টকাৰ পৰা সর্বাধিক ৫৫০০ টকালৈ৷

বিভিন্ন কেটেগৰীৰ টিকটৰ মূল্য তলত উল্লেখ কৰা ধৰণৰ– ৱেষ্ট ষ্টেণ্ড ছেকেণ্ড ফ্ল’ৰ (কেৱল ছাত্র–ছাত্রীৰ বাবে) ৩০০ টকা ৱেষ্ট ষ্টেণ্ড ফার্ষ্ট ফ্ল’ৰ ২,২০০ টকা ৱেষ্ট ষ্টেণ্ড গ্রাউণ্ড ফ্ল’ৰ ২,৭৫০ টকা ইষ্ট ষ্টেণ্ড ছেকেণ্ড ফ্ল’ৰ ১,৫০০ টকা ইষ্ট ষ্টেণ্ড ফার্ষ্ট ফ্ল’ৰ ২,২০০ টকা, ইষ্ট ষ্টেণ্ড গ্রাউণ্ড ফ্ল’ৰ ২,৭৫০ টকা, নর্থ ষ্টেণ্ড টপ ফ্ল’ৰ ২,২০০ টকা, নর্থ ষ্টেণ্ড ছেকেণ্ড ফ্ল’ৰ ৪,৪০০ টকা, নর্থ ষ্টেণ্ড গ্রাউণ্ড ফ্ল’ৰ ৩,৮৫০ টকা, ছাউথ ষ্টেণ্ড টপ ফ্ল’ৰ ২,২০০ টকা, ছাউথ ষ্টেণ্ড ছেকেণ্ড ফ্ল’ৰ ৪,৪০০ টকা, ছাউথ ষ্টেণ্ড ফার্ষ্ট ফ্ল’ৰ ৫,৫০০ টকা আৰু ছাউথ ষ্টেণ্ড গ্রাউণ্ড ফ্ল’ৰ ৩,৮৫০ টকা৷

অনলাইন টিকটৰ হার্ড কপীসমূহ দর্শকে অহা ১ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নেহৰু ষ্টেডিয়ামৰ কাউণ্টাৰৰ পৰা সংগ্রহ কৰিব পাৰিব৷ টি–২০ মেচখনৰ বাবে কোনো অফলাইন টিকটৰ ব্যৱস্থা কৰা হোৱা নাই বুলিও অসম ক্রিকেট সন্থাই জানিবলৈ দিছে৷

মন কৰিবলগীয়া যে গুৱাহাটীৰ অত্যাধুনিক বর্ষাপাৰা ষ্টেডিয়ামত এয়া হ’ব তৃতীয়খন আন্তঃৰাষ্ট্রীয় মেচ৷ ইয়াৰ পূর্বে বর্ষাপাৰাত ভাৰতে অষ্ট্রেলিয়াৰ বিৰুদ্ধে টি–২০ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন এদিনীয়া মেচ খেলিছে৷

You might also like