গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ‘ছুপাৰ থার্টী’খ্যাত আনন্দ কুমাৰক
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ‘ছুপাৰ থার্টী’ খ্যাত আনন্দ কুমাৰক বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ‘ছুপাৰ থার্টী’ সন্দর্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ এ এম বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে এই নির্দেশ জাৰি কৰে ৷ উল্লেখ্য যে ইয়াৰ পূর্বেও গোচৰটো সন্দর্ভত আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল ৷ উচ্চ ন্যায়ালয়ৰ জাননীৰ কোনো উত্তৰ প্রদান নকৰাত ক্ষুণ্ণ হৈ আনন্দ কুমাৰক মঙলবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছিল ৷ ইয়াৰ পিছতো তেওঁ আদালতত হাজিৰ নোহোৱাত উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্রকাশ কৰি পুনৰ বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিয়ে ৷ তদুপৰি মঙলবাৰে আদালতত উপস্থিত থকা শিক্ষার্থী আৰু অভিভাৱক প্রত্যেককে ১০ হাজাৰকৈ মুঠ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ কুমাৰক খণ্ড বিচাৰপীঠে নির্দেশ দিছে ৷ আনহাতে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ জৰিয়তে গুৱাহাটী আই আই টিৰ কেইগৰাকীমান শিক্ষার্থীয়ে অভিযোগ কৰিছিল যে ছুপাৰ থার্টীৰ জৰিয়তে আনন্দ কুমাৰে মেধাৱী শিক্ষার্থীক প্রতাৰণা কৰি আহিছে ৷ প্রকৃতার্থত ‘ছুপাৰ থার্টী’ৰ নাম লৈ কুমাৰে ব্যক্তিগত কোচিং চেণ্টাৰহে চলাই আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে শিক্ষার্থীকেইগৰাকীয়ে ৷