নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহবন্দিত্বৰ মাজতো বিহুৰ প্ৰস্তুতিঃ স্বকীয়তা বৰ্তাই গুচি যাব ব’হাগ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকই গৃহবন্দী কৰি ৰখাৰ মাজতো প্ৰতিজন অসমীয়াই এতিয়া পৰম্পৰাগতভাৱে ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে । লকডাউনে কাৰ্যতঃ ৰঙালী বিহুক দিবলৈ বিচাৰিছে পুৰণি স্বীকৃতি আৰু স্বকীয়তা । বিজ্ঞানৰ অভিশাপে অসমীয়াক গৃহবন্দী কৰিলেও এতিয়া উৰুকাৰ সময়ত একাংশ মহিলাই ঢেঁকীৰ শৱদত চুবুৰী কঁপাই তোলাত কৃপণালি কৰা নাই । দুঃসময়ত নালাগে শিয়ালকাটি ধানৰ চিৰা, কোমল ধানৰ চিৰাৰেই হ’ব, নালাগে ব্ৰহ্মপুত্ৰ চাপৰিৰ ম’হ খুঁটিৰ থমথমীয়া দৈ, গোহালিৰ খীৰতীকেইজনীৰ দৈৰেই চলিব এইবাৰৰ বিহু । তথাপি ঘৰৰ ভিতৰতে বিহু , ব’হাগক আদৰাৰ প্ৰস্তুতি । হয়তো শতিকাৰ পাছত ইমানদিনে এলাগী হোৱা ঢেঁকীশালখনৰ গুৰুত্ব বাঢ়িছে , গুৰুত্ব বাঢ়িছে গাঁৱৰ কুঁহিয়াৰ খেতিডৰাৰ, বৰা চাউল কিম্বা বামমাটিৰ তিলখিনিৰ । গুৰুত্ব বাঢ়িছে অসমীয়া নিপুণ শিপিনীজনীৰ । মুঠৰ ওপৰত প্ৰাণৰ , হেঁপাহৰ বিহু এইবাৰো হ’ব । স্বকীয়তা বৰ্তাই ৰাখি এনেদৰেই গুচি যাব এইবাৰৰ ব’হাগ ।

You might also like