নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বিজেপিৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা কংগ্ৰেছলৈ । বিগত কিছুদিন ধৰি আৰ পি শৰ্মাৰ কংগ্ৰেছ গমনৰ বিষয়টো চৰ্চাত থকাৰ সময়তে সোমবাৰে কংগ্ৰেছ সাধাৰণ সম্পাদক কে বেণুগোপালৰ বাসগৃহত উপস্থিত হয় আৰ পি শৰ্মা । আৰ পি শৰ্মাৰ সৈতে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ।
উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ নকৰাৰ পাচতেই আৰ পি শৰ্মাই আৰম্ভ কৰিছিল বিদ্ৰোহ । ২০১৪ চনত তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিপুল ভোটত জয়ী হোৱা আৰ পি শৰ্মা ২০১৯ চনত বঞ্চিত হৈছিল টিকটৰ পৰা ।