নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত বনকৰ্মীৰ গুলীত আহত ৩ জন

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা । জিলাখনৰ মুৰফুলনী চাহবাগিচাত প্ৰৱেশ কৰা এটা বৃহত হাতীৰ জাকক খেদি পঠোৱাৰ বাবে বনকৰ্মীয়ে চলোৱা গুলীত আহত হয় তিনিজনকৈ লোক । বনবিভাগে হাতীলৈ লক্ষ্য কৰি চলোৱা চেৰা গুলীত আহত হয় সঞ্জয় কহাৰ, চন্দন কানু আৰু বাবুল দে নামৰ তিনিজনকৈ লোক । অৱশ্যে আহত লোককেইজন বৰ্তমান শংকামুক্ত ।

You might also like