নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱৰাদলত পকী দলং মেৰামতিত অনিয়ম: নামমাত্র কাম কৰিয়েই লক্ষাধিক টকা আত্মসাতৰ ফন্দি ঠিকাদাৰৰ

নিয়মীয়া বার্তা, ৩১ মে’: চৰকাৰে দুর্নীতি নির্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্রত্যাহ্বান জনাই একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুর্নীতি৷ চৰকাৰে দুর্নীতিমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দিলেও ৰাজ্যৰ একাংশ দুর্নীতিপৰায়ণ বিষয়া–কর্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কামত ব্যাপক দুর্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে নলবাৰী জিলাৰ এগৰাকী ঠিকাদাৰে গড়কাপ্টানী বিভাগৰ বিষয়া–ভিযন্তাৰে মিলি ব্যাপক দুর্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গোৱৰাদল গাঁৱৰ ৰাইজে৷

নলবাৰী জিলাৰ বৰমা বিধানসভা সমষ্টিৰ অন্তর্গত গোৱৰাদলৰ ৰাজঘাটস্থিত কৈঠালকুছি–বৰমা–সু কে বি এছৰ গডকাপ্ঢানী পথৰ ওপৰৰ মৰাপাগলিয়া নৈৰ পকী দলঙৰ দক্ষিণ মূৰটো যোৱা বর্ষত নৈখনৰ বানে খহাই নিছিল৷ উক্ত দলঙৰ মূৰটোৰ খহনীয়া ৰোধৰ অর্থে মেৰামতি কৰাৰ বাবে চলিত বর্ষত গড়কাপ্টানী বিভাগে এফ ডি আৰ আঁচনিযোগে কেইবা লক্ষাধিক টকা আবণ্টন দিয়ে৷ সেইমর্মে নলবাৰীৰ জনৈক ডেকা উপাধিৰ এজন ঠিকাদাৰে কামটো আৰম্ভ কৰে৷ ঠিকাদাৰজনে নামমাত্র কেইগাডীমান নিম্নমানৰ শিল অর্থাৎ সৰু সৰু ব’ল্ডাৰ পেলাই কামটো কৰে৷ আনকি সৰু সৰু শিলবোৰ নদীৰ কাষেৰে পাৰি দি তলৰ পৰাই গুণাৰ নেট নিদি মাত্র মাজত নামমাত্র কেইখনমান গুণাৰ নেট দি কামটো কৰে যদিও নদীৰ পানী বঢ়াৰ লগে লগে শিলবোৰ নৈখনে উটুৱাই লৈ গৈ দলঙৰ মূৰটোত পুনৰ খহনীয়া আৰম্ভ হয়৷ তাকে দেখি গোৱৰাদলৰ একাংশ ৰাইজ চিন্তিত হৈ পৰাৰ লগতে গড়কাপ্টানী বিভাগৰ বিৰুদ্ধে খর্গহস্ত হৈ পৰে৷ আনকি সংশ্লিষ্ট গডকাপ্ঢানী বিভাগৰ বিষয়া–কর্মচাৰীৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি দক্ষ শ্রমিক নিয়োগ নকৰাকৈ পালমাৰি অতি নিম্নমানৰ সামগ্রী ব্যৱহাৰেৰে ঠিকাদাৰগৰাকীয়ে আঁচনি ৰূপায়ণৰ নামত বিভিন্ন আসোঁৱাহ তথা অনিয়ম সংঘটিত কৰি আঁচনিৰ ধন শৰাধ কৰাৰ ষডযন্ত্র ৰচনা কৰিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

আনফালে এই কামটোৰ বিষয়ে জানিবলৈ প্রথমে বাগ্সা জিলাৰ গড়কাপ্টানী বিভাগৰ কর্মচাৰীৰ সৈতে যোগাযোগ কৰাত জানিবলৈ দিয়ে যে কামটো আৰম্ভ কৰাৰ পাছত বাগ্সা জিলাৰ অভিযন্তা এগৰাকীয়ে কামটো চাবলৈ অহাত কামটো কৰি থকা ঠিকাদাৰজনে এই কামটো আপোনালোকে চাব নালাগে, এইটো নলবাৰীৰ গড়কাপ্টানী বিভাগে চাব বুলি কৈ অভিযন্তাগৰাকীক পঠিয়াই দিয়ে বুলি জনায়৷ আনফালে নলবাৰী আৰু বাগ্সা জিলাৰ গডকাপ্ঢানী বিভাগৰ কোনো বিষয়া–কর্মচাৰীয়ে উক্ত কামটোৰ প্রতি গুৰুত্ব প্রদান নকৰাত আৰু কামটো পৰিদর্শন নকৰাকৈ থকাত স্থানীয় ৰাইজে এতিয়া ৰাজ্যৰ গডকাপ্ঢানী মন্ত্রীগৰাকীৰ লগতে স্থানীয় বিধায়ক আৰু নলবাৰী–বাগ্সা জিলাৰ উপায়ুক্ত দুগৰাকীক এই কামটোৰ এক উচিত তদন্ত কৰি কামটোৰ সৈতে জডিত বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায়৷

You might also like