নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘনিষ্ঠ মহিলাৰ নামতো বেংকত এক কোটি টকাৰ ফিক্সড ডিপ’জিট

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বনজ সম্পদ ধব্বংস কৰি কোটি কোটি টকা আহৰণ কৰা পি চি চি এফ অভিজিত ৰাভাৰ দুৰ্নীতিয়ে চকু কপালত তুলিছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক। বিগত দীৰ্ঘসময় ধৰি কাৰ্বি আংলং জিলাত খোপনি পুতি থকা এইজন বন বিষয়াৰ বাসগৃহ আৰু কাৰ্যালয়ত যোৱা দুটা দিন ধৰি দুৰ্নীতি নিবাৰক শাখাই চলোৱা তালাচী অভিযানত ধৰা পৰিছে কিদৰে আয়ৰ সৈতে সামঞ্জ্য নথকা ধন আহৰণ কৰিছিল বন বিষয়া ৰাভাই৷ উল্লেখ্য যে কালি দুর্নীতি নিবাৰক শাখাই কার্বি আংলঙৰ চৰকাৰী কার্যালয় আৰু মহানগৰীৰ জু–ৰোড তিনিআলিৰ সমীপৰ এটা ফ্লেটত অভিযান চলাই একাধিক বেংক আৰু বীমা খণ্ডত কেইবাকোটি টকা বিনিয়োগ কৰাৰ নথি–পত্র লাভ কৰিছিল৷ ইয়াৰ পূর্বে যোৱা শুকুৰবাৰে বন বিষয়াজনৰ ৰাজগড়স্থিত বাসভৱন আৰু ডিফুৰ কার্যালয়ত তালাচী চলোৱাৰ সময়তো উদ্ধাৰ হৈছিল বহু আপত্তিজনক তথ্য আৰু বেংকৰ লেনদেনৰ তথ্য৷ যোৱা দুদিনত দুর্নীতি নিবাৰক শাখাই চলোৱা এনে তালাচীৰ পাছতে কিদৰে বন বিষয়া অভিজিৎ ৰাভাই বিভাগটোৰ শীর্ষ পদত অধিষ্ঠিত হৈ দুহাতেৰে লুণ্ঠন চলাইছিল, সেয়া স্পষ্ট হৈ পৰিছে৷ দুর্নীতি নিবাৰক শাখাৰ শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি, বিমুদ্রাকৰণৰ পাছত বন বিষয়াজনৰ কেইবাটাও বেংক একাউণ্টত অস্বাভাৱিক ধৰণে জমা হৈছিল বহু পৰিমাণৰ টকা৷ বিশেষকৈ ডিফুত থকা বন বিষয়াজনৰ এইচ ডি এফ চি বেংকত ছবছৰৰ ভিতৰতে ৯১ লাখ টকা জমা হোৱা বিষয়টোৱে তদন্তকাৰী দলক স্তম্ভিত কৰি তুলিছে৷ এই ধনৰ উৎস সম্পর্কে অভিজিৎ ৰাভাই এতিয়ালৈ পতিয়ন যোৱাকৈ কোনো তথ্য দাখিল কৰিব পৰা নাই৷ সেয়াই নহয়, ২০১১ চনৰ পৰা ২০১৬ চনলৈ বন বিভাগৰ অতিৰিক্ত পি চি চি এফ হিচাপে ডিফুত কার্যনির্বাহ কৰাৰ সময়ত অভিজিৎ ৰাভাই ৪.১২ কোটি টকা আহৰণ কৰিছিল৷ কিন্তু এই ধনৰ উৎস সম্পর্কে তেওঁ কোনো সঠিক নথি–পত্র দেখুৱাবলৈ সক্ষম হোৱা নাই৷ ইফালে কালি জু–ৰোড তিনিআলিৰ সমীপৰ ২নং উপপথৰ পুষ্পা এপার্টমেণ্টৰ এটা ফ্লেটত তালাচী চলাই অভিজিৎ ৰাভাই বেংক আৰু বীমা খণ্ডত টকা বিনিয়োগ কৰাৰ কেইবাখনো পলিচী দুর্নীতি নিবাৰক শাখাই জব্দ কৰিছে৷ এগৰাকী মহিলাৰ মালিকানাধীন এই ফ্লেটটোত এই পলিচীসমূহ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে বন বিষয়াজনৰ লুণ্ঠনৰ বহু টকা যে বিভিন্ন কায়দাৰে লুকুৱাই ৰাখিছে, সেয়াও পোহৰলৈ আহিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি অভিজিৎ ৰাভাৰ অতি ঘনিষ্ঠ বৰা উপাধিধাৰী এইগৰাকী মহিলাৰ নামত এক কোটি টকাৰ ফিক্সড ডিপ’জিট কৰাৰ নথি–পত্র দুর্নীতি নিবাৰক শাখাই লাভ কৰিছে৷ সেয়াই নহয়, অভিজিৎ ৰাভাৰ বহু ক’লা ধন বিভিন্ন বীমা কোম্পানী তথা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাত এই মহিলাগৰাকীয়ে যথেষ্ট সহায় কৰিছিল৷ কেইবাজনো ঘনিষ্ঠ লোক তথা সম্পর্কীয় লোকৰ নামত বিভিন্ন ধৰণে বীমা পলিচী কৰা অভিজিৎ ৰাভাৰ এজেণ্ট ৰূপে মহিলাগৰাকীয়ে কাম কৰাৰো তথ্য লাভ কৰিছে তদন্তকাৰী বিষয়াই৷ একমাত্র ধন বিনিয়োগৰ নথি–পত্র লাভ কৰাই নহয়, কালি চলোৱা তালাচীত নগদ ৬ লাখ টকাৰ লগতে ৫০টা ৱাকী ট’কী ছেট উদ্ধাৰ কৰিছে তদন্তকাৰী দলে৷ এগৰাকী বন বিষয়া হিচাপে ইমান পৰিমাণৰ ৱাকী ট’কী ছেট অভিজিৎ ৰাভাই কিয় জমা কৰি ৰাখিছিল, তাক লৈ সন্দেহ সৃষ্টি হৈছে৷ ইয়াৰ পূর্বেও ৰাজগড়ত শুকুৰবাৰে চলোৱা অভিযানকালত তদন্তকাৰী দলে লাভ কৰিছিল কেইবাটাও ৱাকী ট’কী ছেট, লেপটপ, ডিজিটেল কেমেৰাকে ধৰি কেইবাকোটি টকাৰ ৰচিদবিহীন সম্পত্তি৷ ইফালে সূত্রটোৱে প্রকাশ কৰা অনুসৰি ৰাজগড়ৰ বাসভৱনৰ লগতে পুষ্পা এপার্টমেণ্টৰ ফ্লেটত অভিজিৎ ৰাভাই জমা ৰখা লকাৰ এতিয়াও খোলা হোৱা নাই৷ এই লকাৰসমূহ জব্দ কৰা হৈছে যদিও ইয়াৰ ভিতৰত কিমান পৰিমাণৰ ধন জমা আছে, তাক লৈও তদন্তকাৰী বিষয়াসকলে বন বিষয়াজনক জেৰা কৰিব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি কাইলৈ পি চি চি এফ অভিজিৎ ৰাভাক শ্রীমন্তপুৰত থকা দুর্নীতি নিবাৰক শাখাৰ কার্যালয়ত সোঁশৰীৰে হাজিৰ হ’বলৈ জাননী দিয়া হৈছে৷ তদন্তকাৰী দলে উদ্ধাৰ কৰা আপত্তিজনক নথি–পত্র, সম্পত্তিৰ তথ্য সন্দর্ভত কাইলৈ জেৰাৰ সন্মুখীন হ’ব লাগিব বন বিষয়াজন৷ ইফালে আৰক্ষীৰে আন এক তথ্য অনুসৰি বিগত সময়ছোৱাত অভিজিৎ ৰাভাক লুণ্ঠনত বিশেষভাৱে সহায় কৰা তিনিজন শীর্ষ বন বিষয়াৰ নাম দুর্নীতি নিবাৰক শাখাৰ দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ নগাঁৱত বর্তমানেও কর্মৰত এজন বন বিষয়াই অভিজিৎ ৰাভাৰ লগত ঘনিষ্ঠতা বজাই লুণ্ঠনত সহযোগ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলটোৱে৷ মন কৰিবলগীয়া যে পূর্বৰ কংগ্রেছ চৰকাৰৰ কার্যকালত বন বিভাগৰ উঠিৰজা–বহিৰজা হৈ পৰা অভিজিৎ ৰাভাই ডিফুৰ কেইবাটাও পদৰ বিপৰীতে নিযুক্তি প্রক্রিয়াত অনিয়ম কৰাৰো অভিযোগ আছে৷ এই সন্দর্ভত অর্ণৱ ভৰালী নামৰ এজন আৰ টি আই কর্মীয়ে বিস্তৃত তথ্য বিভাগটোৰ পৰা বিচাৰিছিল যদিও বন বিভাগে এই তথ্যসমূহ যোগান নধৰিলে৷ শেহতীয়াকৈ আৰ টি আই কর্মীজনে এই বিষয়টো বন বিভাগ আৰু দুর্নীতি নিবাৰক শাখাৰ দৃষ্টিগোচৰ কৰিছে৷

You might also like