নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ নতুন ঘোষণা, ৪০ হাজাৰ খিলঞ্জীয়া লোকক প্ৰদান কৰিব ভূমি পট্টা। চলিত মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব পট্টা। জনতা ভৱনত মুখ্য়মন্ত্ৰীৰ সৈতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। যিসকল থলুৱা লোক ভূমি পট্টাৰ অবিহনে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে সেইসকল লোকক প্ৰদান কৰা হ’ব পট্টা। বিগত ৩ বছৰ ধৰি NRCৰ বাবেই এই প্ৰক্ৰিয়া পলম হৈ আছিল বুলি মন্তব্য বিভাগীয় কৰ্তৃপক্ষৰ।