নিয়মীয়া বাৰ্তা, ১০ মে’ : জীৱনৰ আন এক নামেই যেন জানমণি ৷ জীৱনৰ ভৰ বয়সত সকলো সুখ নিলগাই ৰাখি, বুকুত পুহি ৰখা অযুত সপোন ছাৰখাৰ কৰি, অনিচ্ছা সত্ত্বেও শিক্ষা আধাতে সমাপ্ত কৰি ভৰি দিলে জীৱনৰ কণ্টকময় পথত ৷ ৰুগীয়া পিতৃ আৰু মাতৃৰ বাবেই শিক্ষাৰ আদিপাঠ সাং কৰি পৰিয়ালৰ ভৰণ–পোষণৰ দায়িত্ব ল’ব লগা হ’ল এইগৰাকী জানমণিয়ে ৷ হয়, অতি বাস্তৱ আৰু জীৱনৰ কৰুণ গাথা এই জানমণি গগৈৰ ৷ কিছুদিনৰ পৰা এই জানমণি গগৈয়ে চাইকেল লৈ শাক–পাচলি বিক্রী কৰাৰ এক আলোকচিত্র তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ হোৱাটছএপ তথা বিভিন্ন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আলোকচিত্র তথা ভিডিঅ’ৱে সকলো মানৱদৰদী লোকক ব্যথিত কৰি তুলিছিল ৷ জিলা প্রশাসন, জিলা উপায়ুক্তকে আদি কৰি সংবাদ মহলত ব্যাপক চর্চা লাভ কৰিছিল এই জানমণিৰ সত্যাসত্যক লৈ ৷
অৱশেষত ‘নিয়মীয়া বার্তা’ই অশেষ কষ্ট কৰি সন্ধান পালে এইগৰাকী অক্লান্ত তথা হাজাৰজনৰ পথ প্রদর্শক ৰূপে অভিহিত কৰিব পৰা জানমণি গগৈৰ ৷ ডিব্রুগড চহৰৰ পৰা প্রায় ২০ কিঃমিঃ নিলগৰ জামিৰাৰ সাপেখাতী ঘগৰা গাঁৱৰ এটা কেঁচা ঘৰৰ পৰাই জানমণি গগৈয়ে জীৱনৰ কঠোৰ সংগ্রামখন চলাই আহিছে বিগত বহু বছৰ ধৰি ৷ দৈনিক পুৱাই নিজৰ চাইকেলখনত দুয়োফালে শাক–পাচলিৰ গধুৰ মোনা কঢ়িয়াই দুই–এপইচাৰ আশাৰে ওলাই যায় জানমণি ৷ কাৰণ ঘৰত আছে ৰুগীয়া পিতৃ আৰু ঘৰে ঘৰে কাম কৰি দুই–এপদ সামগ্রী গোটোৱা মাকক সহায় কৰাৰ উদ্দেশ্যে জানমণিয়ে এনে কণ্টকময় পথ অনিচ্ছা সত্ত্বেও বাছি ল’ব লগা হয় ৷ কাৰণ যোৱা ১৮টা বছৰে জানমণিৰ পিতৃ কিৰণ গগৈয়ে খোজ কাঢ়িব নোৱাৰা এক ৰোগত ভুগি আছে ৷ সেয়ে জানমণিয়ে কৈশোৰ কালৰে পৰা দিনক ৰাতি কৰি, ৰ’দ–বৰষুণ নেওচি পৰিয়ালটো পোহপাল দি অবিৰত সংগ্রাম কৰি আহিছে ৷ এই সন্দর্ভত মাতৃ মনোমতী গগৈক কিছু প্রশ্ন কৰাত চকুলো বৈ আহে ৷ জীৱনৰ সহ্য কৰিব নোৱাৰা নিষ্ঠুৰ বাস্তৱ সুঁৱৰি হুক্হুকাই কান্দি পেলালে মনোমতীয়ে ৷ ‘বহু কষ্ট হয়, বুজাব নোৱাৰোঁ ৷ মানুহজন আজি ১৮ বছৰে বিছনাতে পৰি আছে ৷ ছোৱালীজনী আৰু মানুহজনৰ কথা ভাবি জীয়াই থকাৰ যুঁজখন লাহে লাহে অধিক জটিল হ’বলৈ ধৰিলে ৷ আমাৰ দুখ দেখি ছোৱালীয়েও পঢ়া এৰি দিলে ৷ টকা–পইচা নাই, কেনেকৈ পঢ়ুৱাম ? চৰকাৰৰ পৰা এই পর্যন্ত একো সহায় নোপোৱাৰ কথা অকপটে সদৰী কৰি আজি আপোনালোকক পাই তাই (জানমণি)ৰ জীৱনৰ এক নতুন ঠিকনা বিচাৰি পালে বুলি কৈ চকুৰে বৈ আহিল অশ্রু ৷ উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হৈও পৰৱর্তী উচ্চ শিক্ষাৰ আশাকো নিজ ভৰিৰে মোহাৰি পেলালে জানমণিয়ে ৷ মাতৃৰ অসহায় অৱস্থা, দিনৰ দিনটো হাড় ভঙা কঠোৰ পৰিশ্রম আৰু সহ্য কৰিব নোৱাৰিলে জানমণিয়ে ৷ সেয়ে আধাতে সামৰি দিলে শিক্ষা জীৱন ৷
উচ্চ শিক্ষাৰ চন্দ্রমা আধাতে খহি পৰিল আৰু আৰম্ভ হ’ল জীৱনৰ আন এক জটিল অধ্যায় ৷ আনৰ বাৰীৰ পাচলি ক্রয় কৰি প্রায় ৩০ কিঃমিঃ চাইকেল চলাই দেওবৰীয়া হাট–বজাৰত শাক–পাচলি বিক্রী কৰি অহা মাতৃক সহায় কৰাৰ বাবে অৱশেষত জানমণিও সাজু হ’ল ৷ কিন্তু শেহতীয়া লকডাউনে সেই পথো বন্ধ কৰি পেলালে ৷ খোজটোকেই কাঢ়িব নোৱাৰা ৰুগীয়া পিতৃৰ চিকিৎসা, ঘৰৰ সমস্ত খৰচ, কিন্তু উপার্জন শূন্য ৷ সেয়ে লকডাউনত গাঁৱৰ ভিতৰত চাইকেলেৰে পাচলি বিক্রী কৰিবলৈ ওলাই যায় আজিকালি জানমণি ৷ কেতিয়াবা বিক্রী হয়, কেতিয়াবা শুদা হাতে ঘূৰি আহে জানমণি ৷’ মাৰ বহুত কষ্ট হৈছিল ৷ অকলে ইমানবোৰ কাম চম্ভালিব নোৱাৰিছিল ৷ ঘৰত দেউতা আজি ১৮ বছৰে বিছনাতে পৰি আছে ৷ বাইদেউ বিয়া হৈ গ’ল ৷ সেয়ে এই তিনিটা মানুহ জীয়াই থাকিবলৈকে কষ্ট কৰিবলগীয়া হৈছে বুলি জানমণিয়ে আমাৰ আগত সদৰী কৰে ৷ ইফালে, অতি দুখেৰে ভাইৰেল পোষ্টত জানমণিয়ে লিখিছিল– কেতিয়াবা দাদা এজনৰ বৰকৈ প্রয়োজন অনুভৱ কৰোঁ ৷ বিদ্যালয়ত শিক্ষাগ্রহণ কৰি থকাৰ সময়তো জানমণিয়ে আনৰ ঘৰৰ বেৰ লিপি, বাচন ধুই সহায় কৰিছিল মাতৃক৷ এয়াই নিষ্ঠুৰ বাস্তৱ প্রায় ১৮ বছৰীয়া জানমণি আৰু তাইৰ পৰিয়ালৰ ৷ জীৱনৰ নিষ্ঠুৰ পৰিহাস আৰু স্মৃতিকাতৰ যাতনাই কঁপাই যোৱা এক বাস্তৱ ছবি তুলি ধৰি ছ’চিয়েল মিডিয়াৰ ভাল ব্যৱহাৰৰ উৎকৃষ্ট উদাহৰণ জানমণিয়ে দাঙি ধৰিলে ৷ ইতিমধ্যে বহুজনে জানমণিক ছ’চিয়েল মিডিয়াত সহায় কৰাৰ কথা কৈছে ৷ নিশ্চয়কৈ এইক্ষেত্রত পিছপৰি নৰ’ব গৃহ জিলাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো ৷ নিজ গৃহ জিলাৰ এইগৰাকী কন্যাৰ পৰিয়ালক উদ্ধাৰ কৰাৰ ক্ষেত্রত নিশ্চিতভাৱে সহায়ৰ হাত আগবঢ়াব বুলি আমি আশাবাদী ৷