নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বিজেপিৰ মিছন–১০০ৰ শুভাৰম্ভ

কংগ্রেছৰ দুর্গত শাসকীয় দলৰ ‘আইদেউৰ বুলনি’ত ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তর্গত আমনি পহুকটাত তথা কলিয়াবৰ জিলা বিজেপিৰ কার্যালয়ত, চামগুৰি সমষ্টিৰ মহিলা মর্চাৰ উদ্যোগত আজি বিজেপিৰ ‘আইদেউৰ বুলনি’ অনুষ্ঠান উপলক্ষে আয়োজিত দিহানাম আৰু জনগোষ্ঠীয় নৃত্য প্রতিযোগিতা উদ্বোধন কৰিবলৈ আহি নতুন তিনিআলি তেলিয়াগাঁৱত প্রত্যাহ্বানৰ সন্মুখীন হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস৷ জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ অর্ধশতাধিক নেতা–কর্মীয়ে ৩৭নং ৰাষ্ট্রীয় পথত সভাৰ সমীপতে বিজেপি সভাপতিগৰাকীৰ প্রতিমূর্তি জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদ সন্দর্ভত সাংবাদিকে প্রতিক্রিয়া জানিব বিচৰাত দাসে কয় যে বিজেপিৰ বাবে এয়া কোনো প্রত্যাহ্বান হ’ব নোৱাৰে৷ এইবাৰ বিজেপিয়ে ১০০খন আসন পাবই আৰু আজিৰ পৰাই আমি এই অভিযান আৰম্ভ কৰিছোঁ৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত ৰিপ’ট কার্ডৰ বির্তক সন্দর্ভত কয় যে সকলো মন্ত্রী হোৱাৰ আগত যিহেতু এজন বিধায়ক, গতিকে মই বিধায়কসকলৰেই ৰিপ’ট কার্ড বিচাৰিম৷ লগতে নিজৰ দলৰেই বিধায়কে প্রথমে মন্ত্রীৰ ৰিপ’ট কার্ড ল’বলৈ দিয়া সন্দর্ভত এয়া কাৰোবাৰ উচটনিতহে মন্তব্য কৰিছে বুলি কয়৷ আনহাতে ২০২১ চনৰ বিধানসভা নির্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্রতা অব্যাহত থাকিব বুলি সদৰী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বিজেপিৰ ‘মিছন ১০০’ অভিযানৰ প্রথম কার্যসূচীৰ অংশ হিচাপে চামগুৰিৰ আমনি পহুকটাত বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ মুখ্য কার্যালয়ত চামগুৰি সমষ্টিৰ মহিলা মর্চাৰ উদ্যোগত আয়োজিত আইদেউৰ বুলনি অনুষ্ঠানৰ সভাত ৰঞ্জিত দাসৰ লগতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শর্মা, দীপ্লুৰঞ্জন শর্মা আৰু বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াই অংশগ্রহণ কৰে৷ বিগত দুটা দশক ধৰি কংগ্রেছৰ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিজেপি নেতা অনিল শইকীয়াই কয় যে ৰকিবুলক ভেটিবলৈ এইবাৰ চামগুৰিত হাজাৰ হাজাৰ মূলা গাভৰু ওলাই আহিছে৷ ব্রহ্মচাৰী সত্রৰ সত্রাধিকাৰ জনার্দন গোস্বামীয়ে বন্তি প্রজ্বলন কৰা আৰু জ্যোতি প্রসাদ আগৰৱালাৰ ‘আইদেউৰে বুলনিতে পোহৰৰে ধেমালি’ শীর্ষক কালজয়ী গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাটিও দিহানামৰ প্রতিযোগী দলে অংশগ্রহণ কৰে৷ প্রতিটো দললৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা একোযোৰকৈ তাল উপহাৰ স্বৰূপে আগবঢ়ায়৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানলৈ উৰিয়াগাঁও বাইপাছৰ পৰা শতাধিক মহিলাই বাইক ৰেলীৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সভাস্থলীলৈ আদৰি অনা পৰিলক্ষিত হয়৷

You might also like