চাৰিকড়ীয়াৰ বুকুত বিলীন হ’ল বাপুকণৰ অপার্থিৱ শৰীৰ
নিয়মীয়া বাৰ্তা, ১৫ মে’: চাৰিকডীয়াৰ বুকুত বিলীন হ’ল বাপুকণৰ অপার্থিৱ শৰীৰ৷ প্রিয় জন্মভূমিৰ মানুহ আৰু প্রকৃতিক গোটেই জীৱন বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা অসমীয়া কথা সাহিত্য জগতৰ বিকল্পহীন প্রতিনিধি হোমেন বৰগোহাঞি তথা ঢকুৱাখনাবাসীৰ মৰমৰ বাপুকণৰ অন্তিম বাসনা শুকুৰবাৰে পূৰণ কৰিলে গৃহভূমি ঢকুৱাখনাৰ জনতাই৷ জীৱনৰ ধুমুহা আৰু ৰামধেনুৰ মাজেৰে ৮৮টা শীত–বসন্ত অতিক্রম কৰি পৰলোকলৈ গমন কৰা অসমৰ জাতীয় জীৱনৰ অভিভাৱক তথা জাতিটোক জটিল সন্ধিক্ষণত বটবৃক্ষৰ দৰে ছাঁ দিয়া স্বনামধন্য সাহিত্যিক–সাংবাদিক প্রয়াত হোমেনবৰগোহাঞিৰ প্রাণস্বৰূপ তেওঁৰ অতি মৰমৰ চাৰিকডীয়াৰ পাৰতে আত্মীয়–স্বজনে অশ্রুসিক্ত নয়নেৰে বিসর্জন দিলে সমস্ত ভালপোৱা৷
জীৱন্তকালতেই অন্তিম শয়ন চাৰিকডীয়াৰ বুকুৰ পাৰতে হোৱাৰ দুর্বাৰ বাসনা ব্যক্ত কৰি যোৱা বৰগোহাঞিৰ অন্তিম ইচ্ছা পূৰণ হ’ল মৃত্যুৰ পাছত৷ জীৱনৰ প্রথম আৰু শেষ প্রেম ঢ়কুৱাখনা–ঢ়কুৱাখন মানুহ আৰু প্রকৃতি বুলি অকপট স্বীকাৰোক্তি দিয়া যুগদ্রষ্টাৰ আত্মীয়ই চিতাভস্ম ‘নৱগ্রহ’ৰ পৰা সংগ্রহ কৰি আনি দুদিন জন্ম ভেটিত সংৰক্ষণ কৰি ৰখাৰ পাছত শুকুৰবাৰে ‘তিলনী’ৰ দিনা চাৰিকডীয়াৰ বুকুত বিসর্জন দি স্বর্গগত বৰগোহাঞিৰ অন্তিম ইচ্ছা পূৰণ কৰে৷ পুৱা ৮.৪০ বজাত ক’ভিড বিধি মানি প্রয়াত বৰগোহাঞিৰ আত্মীয়–স্বজন, পৰিয়ালবর্গই চিতাভস্ম আনি ম’হঘুলি চাপৰিৰ পাৰৰ চাৰিকডীয়াৰবুকুত ধর্মীয় বিধি ব্যৱস্থাৰে বিসর্জন দিয়ে অশ্রুসিক্ত নয়নেৰে৷