নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ অসমৰ যিসকল লোকে অসমৰ বাহিৰত কৰ্কট-বৃক্ক-হৃদৰোগৰ চিকিৎসাৰ বাবে গৈছিল লকডাউনৰ বাবে এতিয়া সেইসকল লোক সেই স্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে । বহু সংখ্যক ৰোগীয়ে হয়তো ধনৰ অভাৱত তেনেদৰেই বহিঃৰাজ্যত পাৰ কৰিছে দিন । শুকুৰবাৰে অসমৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেইসকল লোকৰ বাবে সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।
অৱশ্যে সকলো ৰোগীৰ বাবে এই সাহায্যৰ কথা ঘোষণা কৰা নাই চৰকাৰে । যিসকল ৰোগী কৰ্কট-বৃক্ক অথবা হৃদৰোগৰ চিকিৎসাৰ বাবে গৈছিল সেইসকলে ৬৯০১২৮১৮৬২ ৱাটছএপ নম্বৰত নিজৰ বেংক একাউণ্ট নম্বৰ আৰু সকলো তথ্য-পাতি পঠাবৰ বাবে আহ্বান জনাইছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । প্ৰথমতে ৰোগীসকলে ০৩৬১-২৫৫৮৯৫৫ ফোন নম্বৰত ফোন কৰি নিজৰ সবিশেষ জনাব লাগিব । কোন হাস্পতালত আছে অথবা কোন ঠাইৰ ভাড়াঘৰত তেওঁলোক আবদ্ধ হৈ আছে সেইয়াও সোধা হ’ব । লগতে অসমত থকা তেওঁৰ ঘৰৰ অন্য এটা নম্বৰো দিব লাগে । যাতে চৰকাৰৰ প্ৰতিনিধিয়ে তেওঁৰ অসমৰ ঠিকনাত গৈ চিকিৎসাৰ বাবে যোৱা কথাটোৰ সত্যাসত্য নিৰূপণ কৰিব পাৰে ।
অৱশ্যে বৰ্তমানলৈকে এই সাহাৰ্যৰ পৰিমাণ জনোৱা নাই যদিও লকডাউৰ সময়খিনিত সুকলমে চলিব পৰাকৈ তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা এক সাহাৰ্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই । অহা পৰহিলৈ অৰ্থাৎ দেওবাৰে এই সাহায্যৰ ধন লাভ কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।