নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত ১৮ কোটি টকাৰ তিনিটা প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী ড০ শৰ্মাৰ

উত্তৰ-পূবৰ দ্বিতীয় বৃহৎ শক্তিপীঠ পৰিদৰ্শন কৰাৰ লগতে মালিনী থানক উপযুক্ত পৰ্যটনস্থলী ৰূপে গঢ়ি তোলা হ'ব বুলি মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ অৰুণাচল প্ৰদেশ চৰকাৰে যদি সদিচ্ছা প্ৰকাশ কৰে আৰু অসম চৰকাৰক সহযোগিতা আগবঢ়াই, তেন্তে লিকাবালিস্থিত উত্তৰ-পূবৰ দ্বিতীয় বৃহৎ শক্তিপীঠ মালিনী থানক উল্লেখ্যযোগ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব অসম চৰকাৰে । শনিবাৰে অসম চৰকাৰৰ স্বাস্থ্য তথা গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিলাপথাৰত এইদৰে মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমে চিলাপথাৰত উপস্থিত হৈ লিকাবালিৰ প্ৰসিদ্ধ মালিনী থান দৰ্শন কৰে ।

লিকাবালিৰ মালিনী থানত প্ৰৱেশৰ সময়ত মন্ত্ৰী ড০ শৰ্মা
মালিনী থানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে চিলাপথাৰত ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এটা নগৰ পানী যোগান আঁচনি , ৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এটা গড়কাপ্টানী বিভাগৰ অত্যাধুনিক পৰিদৰ্শন বঙলা আৰু ২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আবেলি প্ৰায় তিনিবজাত চিলাপথাৰত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে ১০০ টা মহিলা আত্মসহায়ক গোটলৈ ১০ হাজাৰকৈ টকাৰ সাহাৰ্যৰ চেক বিতৰণ কৰে । জোনাই সমষ্টিৰ কাৰণে আৰু অধিক ৩০ কোটি টকা আৱণ্টন দিব বুলিও সভাত উল্লেখ কৰে মন্ত্ৰীজনে । এই সভাতেই তেওঁ সাংবাদিক আৰু ৰাইজৰ ইছ্যু বেলেগ বুলি কোৱাৰ লগতে ৰাইজ উপকৃত হোৱা আঁচনিবোৰৰ কথা সাংবাদিকে নিলিখে বুলি কয় । সেয়ে ৰাজহুৱা সভাত এইসমূহ জনমুখী আঁচনিৰ কথা উল্লেখ কৰিব লাগে বুলি সাংবাদিকক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই । সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু , পানী যোগান আৰু পয়-প্ৰণালী নিগমৰ অধ্যক্ষ ডা০ নোমল মমিন, বিধায়ক ডা০ ৰণোজ পেগু, অসম নগৰ পানী যোগান আঁচনি আৰু পয়-প্ৰণালী পৰিষদৰ উপাধ্যক্ষ নীৰেন বৈশ্য, ডি এন আৰ পিৰ উপাধ্যক্ষ অশ্বিনী পাইতৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

You might also like