নিয়মীয়া বার্তা, ১৯ ডিচেম্বৰঃ চিৰাং জিলা আদালতে বুধবাৰে এক ঐতিহাসিক ৰায়দান যোগে প্রায় ঊনৈশ বছৰ পুৰণি এক হত্যাকাণ্ডত জড়িত ঊনৈশজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ ২০০০ চনৰ ২ ডিচেম্বৰৰ নিশা তেতিয়াৰ বঙাইগাঁও জিলা ঢালিগাঁও থানাৰ অন্তর্গত বৈখুনগাঁৱত দুই দলৰ মাজত হোৱা সংঘর্ষত কেইবাজনো লোকৰ মৃত্যু হৈছিল আৰু লুটপাতৰ লগতে ঘৰ–বাৰী জ্বলাই দিছিল ৷ এই ঘটনাৰ পিছদিনা নজৰুল হকে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰত উল্লেখ কৰা হয় যে ২০০০ চনৰ ২ ডিচেম্বৰৰ নিশা আঠ বজাত বৈখুনগাঁও নিৱাসী এজাহাৰকাৰী নজৰুল হকৰ ঘৰত ২০/২১জনীয়া দুর্বৃত্তৰ দলে আক্রমণ চলাই শিশু–মহিলাকে ধৰি চাৰিজনক হত্যা কৰাৰ লগতে লুটপাত কৰি ঘৰ জ্বলাই দিয়ে ৷
এই আক্রমণৰ ঘটনাত নজৰুল হকৰ মাতৃ জৰিনা খাতু, নবৌ সমর্থ বেগম, ভতিজা চুৰমান আলী (শিশু) আৰু মোমায়েক নুৰ মহম্মদৰ মৃত্যু হৈছিল ৷ দুষ্কৃতিকাৰীসকলে কেউজনকে চোকা অস্ত্রৰে হানি হত্যা কৰি জ্বলাই দিছিল ৷ আৰক্ষীয়ে ৮৩/২০০০ নং গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে ৷ লগতে আদালতত পঞ্জীকৃত ৯১(ডি)/২০১৫ নম্বৰ গোচৰত এই জঘন্য কাণ্ডৰ শুনানি সুদীর্ঘকাল চলাৰ অন্তত বুধবাৰে চিৰাং জিলা আৰু সত্র ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ আদালতে এক ঐতিহাসিক ৰায় যোগে উক্ত হত্যা কাণ্ডৰ লগত জড়িত ২০ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷
বুধবাৰে আদালতে দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা অপৰাধী কেইজন হ’ল মহম্মদ একাব্বৰ আলী, আনোৱাৰ আলী মণ্ডল, আমজাদ আলী মণ্ডল, চাদেক আলী আহমেদ, নায়েব আলী আহমেদ, আহেদ আলী, গফুৰ আলী মণ্ডল, ৰাইজুদ্দিন আলী আহমেদ, চামচুল আলী, চামাদ আলী, মজিবৰ ৰহমান, ইমান আলী, তাহেৰ আলী, আজিজুৰ মণ্ডল , মহঃ ৰহমত আলী মণ্ডল, ৱাজেদ আলী মণ্ডল, আনোৱাৰ আলী চিকদাৰ, ৰহম আলী, ৰহিম মণ্ডল, নবা আলী মোল্লা৷ গুচৰীয়া পক্ষৰ হৈ গিয়াছুদ্দিন আহমেদে আৰু বিপক্ষৰ হৈ বিজয় চৌধুৰীয়ে ওকালতি কৰে ৷