নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ কোকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰ আৰু বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মধুৰ প্ৰেমৰ কাহিনী চেলুলয়ডত বন্দী হ’ব । এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ সংবেদনশীল আৰু শৈল্পিক জীৱন কাহিনীৰ আধাৰত পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত অভিনেত্ৰী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মন্দাকিনী গোস্বামী, গোলাঘাটৰ চাহ ব্যৱসায়ী অমিত মালপানী আৰু ছবি নির্মাতা সঞ্জীৱ দে’ই ৷ বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰে মন্দাকিনী গোস্বামীয়ে ৷
সংবাদ মেলত গোস্বামীয়ে কয় – সঞ্জীৱ দে’, অমিত মালপানী আৰু মই কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু চিত্রশিল্পী নীলপৱন বৰুৱাৰ কালজয়ী প্রেম কাহিনীৰ আধাৰত অসমীয়া ভাষাত এখন চিনেমা নির্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ ৷ আমি তিনিওজনে ছবিখন প্রযোজনা কৰিম ৷ ছবিখন নির্মাণৰ বাবে নীলপৱন বৰুৱাই ইতিমধ্যে আমাক অনুমতি দিছে ৷ এতিয়া ছবিখনৰ চিত্রনাট্য প্রস্তুত কৰি থকা হৈছে ৷ এই ছবিখনৰ ক্রিয়েটিভ প্রডিউচাৰ হিচাপে থাকিব ছবি সমালোচক উৎপল বৰপূজাৰী ৷ শীঘ্রেই চিনেমাখনৰ অভিনেতা–অভিনেত্রী নির্বাচনৰ কাম আৰম্ভ হ’ব ৷ তাৰ পাছতে কাষ্টিং আৰু পৰিচালক বাছনি কৰা হ’ব ৷
উল্লেখ্য যে অমিত মালপানী প্রযোজিত তথা তেওঁৰ বন্ধু সঞ্জীৱ দে’ই পৰিচালনা কৰা ‘থ্রী স্ম’কিং বেৰেলছ’ নামৰ ছবিখনে আন্তঃৰাষ্ট্রীয় প্রশংসা লাভ কৰিছে ৷ সংবাদ মেলত ছবি পৰিচালক সঞ্জীৱ দে’ই কয়– আমি দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ জীৱনক লৈ গভীৰ অধ্যয়ন কৰিছোঁ ৷ নীলপৱন বৰুৱাই আমাক তেওঁলোকৰ জীৱনৰ বহু ব্যক্তিগত কথা জনাইছে ৷ দুজন অসাধাৰণ প্রতিভাশালী ব্যক্তি, যিয়ে বিভিন্ন শাৰীৰিক আৰু আৱেগিক প্রত্যাহ্বানৰ প্রচণ্ড সাহসেৰে সন্মুখীন হৈছে৷ তেওঁলোকৰ মাজৰ এক ক্লাছিক প্রেম কাহিনী হিচাপে চিনেমাখন আমি নির্মাণ কৰিব বিচাৰিছোঁ ৷ মালপানী টকীজৰ বেনাৰত নির্মাণ হ’ব লগা ছবিখনৰ এই বছৰৰ শেষৰ ফালে চিত্রগ্রহণ কৰা হ’ব ৷
সংবাদ মেলত প্রযোজক অমিত মালপানীয়ে কয় যে ছবিখনৰ বিষয়ক লৈ ইতিমধ্যে গৱেষণাৰ কাম সম্পূর্ণ হৈছে আৰু প্রযোজনাৰ প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰা হৈছে ৷ উল্লেখ্য যে মাত্র ২৭ বছৰ বয়সতে দুৰাৰোগ্য মটৰ নিউৰনত আক্রান্ত হৈ কণ্ঠ হেৰুৱাই পেলোৱা দীপালী বৰঠাকুৰে নিজৰ জীৱনকালত মাত্র ৩০টা গীত গাইছিল৷ ১৯৬৮ চনৰ পৰা ২০১৮ চনলৈ সুদীর্ঘ ৫০ বছৰ ধৰি তেওঁ গোৱা নাছিল এটাও গীত৷ অথচ তেওঁৰ মাত্র ৩০টা গীতেই আজিও আপ্লুত কৰি ৰাখিছে সকলোকে৷ ৰোগত আক্রান্ত হোৱাৰ ৮ বছৰ পাছত দীপালী বৰঠাকুৰৰ ৰংহীন জীৱনটোত ৰং ছটিয়াবলৈ আহে এজন মৃদুভাষী মানুহ নীলপৱন বৰুৱা৷ ইয়াৰ পাছতে আৰম্ভ হয় এক কালজয়ী অমৰ প্রেমৰ কাহিনী৷ ২০১৮ চনত চিৰবিদায় লোৱাৰ আগলৈকে আৰু তেওঁৰ অবর্তমানতো দীপালী বৰঠাকুৰ আজিও অসমবাসীৰ কাৰণে কোকিলকণ্ঠী গায়িকা৷ কাৰণ তেওঁৰ গীতে মোহাচ্ছন্ন কৰি ৰাখিছে প্রতিটো প্রজন্মক৷ এই দুগৰাকী শিল্পী দম্পতীৰ যুগ্ম–জীৱন, তেওঁলোকৰ প্রেম, সৃষ্টি, সংগ্রাম আৰু জীৱনশৈলীক লৈ নির্মিত হ’ব লগা ছবিখনে সকলো শ্রেণীৰ দর্শকৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে ৷