নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ঠেঁটুৱৈ ধৰা জাৰে ভুমুকি মৰাৰ পৰতে এতিয়া সহজলভ্য হৈ পৰিছে গাঁৱৰ এখন ছবি । আঘোণৰ সোণগুটি ভঁৰাললৈ চপোৱাৰ পাচতেই ন-খোৱাৰ পৰম্পৰা পাচতে উজনি অসমত দেখা যায় চুঙা চাউল খোৱাৰ পৰম্পৰা । পুহৰ প্ৰথমভাগৰ পৰা চোতালে চোতালে আৰম্ভ হোৱা এই পৰম্পৰাই অসমীয়া সমাজত সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাহে যেন কঢ়িয়াই ফুৰে । যান্ত্ৰিকতাই গাঁৱবোৰক স্পৰ্শ কৰিলেও এতিয়াও অৱশ্যে বৰ্তি আছে গাঁৱৰ এইসমূহ পৰম্পৰা ।
বাৰীৰ জাতি বাঁহজোপাৰ পৰা কাটি অনা বাঁহৰ চূঙাত পৰিশ্ৰমৰ ফচল সেই সোণসেৰীয়া বৰা ধান ভৰাই জুইত পুৰি প্ৰস্তুত কৰা হয় চূঙা চাউল অথবা বৰা চাউল । ম’হৰ এঠা দৈ অথবা গৰুৰ দৈৰ সৈতে গুড়ৰ লগত তৃপ্তিৰে খোৱা হয় এই চূঙা চাউল । অৱশ্যে এই চুঙা চাউল খোৱাৰ পৰম্পৰাৰ সৈতে জড়িত হৈ আছে কেতবোৰ ৰীতি-নীতি । প্ৰতিবছৰে মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় জাতি আৰু জনগোষ্ঠীভেদে সুকীয়া ৰীতি-নীতিৰে খোৱা হয় চুঙা চাউল । উল্লেখ্য যে, দৈ আৰু গাখীৰৰ পৰিৱৰ্তে হাঁহ মাংসৰ সৈতেও বৰা চাউল খোৱাৰ নিয়মো দেখা যায় অঞ্চলভেদে ।
ৰাজ্যত কা বিৰোধী আন্দোলন অব্যাহত থাকিলেও স্বকীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে স্বাভিমান বৰ্তাই ৰাখিছে চহা অসমীয়াই । পুহৰ ঠেঁটুৱৈ ধৰা জাৰত চূঙা চাউল খোৱাৰ এই পৰ্ব দেখা গ’ল টীয়কত । চেলেংহাটৰ এখন চোতালত এইদৰেই বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে পৰম্পৰাগত এই কাৰ্যত অংশ লোৱাৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰি গ’ল অসমীয়াত্বৰ চানেকি । সকলোৰে সমূহীয়া প্ৰচেষ্টাত আয়োজিত এই পৰম্পৰাৰ যোগেদি উঠা অহা প্ৰজন্মকো পৰিচয় কৰোৱা হৈছে চহা অসমীয়াৰ কলা-কৃষ্টি ।