নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং গৰুৰ সৰবৰাহত এইবাৰ স্বয়ং আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে গো–সুৰক্ষা আহন কঠোৰভাৱে বলৱৎ কৰাৰ সময়তে নগাঁৱত চোৰাং গৰু সৰবৰাহ অব্যাহত আছে৷ শেহতীয়াকৈ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রহ জিলাখনত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অতি কঠোৰ ভূমিকা গ্রহণ কৰি ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ হতিমধ্যে নগাঁও আৰক্ষীৰ এহ অভিযানত বহু চোৰাং গৰু সৰবৰাহকাৰী গ্রেপ্তাৰ হোৱাৰ লগতে জব্দ কৰিছে বহু বাহনসহ শতাধিক পশুধন৷ কিন্তু এনে সময়তে অতি উদ্বেগজনকভাৱে এহ চোৰাং গৰু সৰবৰাহৰ সৈতে নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱানৰ লগতে আন একাংশ আৰক্ষী থানাৰ আৰক্ষীও জডিত থকাৰ তথ্য পোহৰলৈ অহাত আৰক্ষী মহলতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ এহ কথা সদৰী কৰিছে স্বয়ং নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রহ৷ আৰক্ষী অধীক্ষক মিশ্রহ আজি সাংবাদিকৰ আগত কয়– নগাঁৱৰ মাজেৰে চোৰাং গৰু সৰবৰাহ অব্যাহত আছে৷ এহ কামত তলখাপৰ একাংশ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীক সহায় কৰাৰ তথ্য আমি লাভ কৰিছোঁ৷ যি থানাৰ সন্মুখেদিয়েহ এহ চোৰাং গৰু সৰবৰাহ হৈ আছে, তেওঁলোক হয়াৰ বাবে দায়বদ্ধ হ’ব৷ নিজৰ এলেকাত কি চলি আছে, সেয়া তেওঁলোকে জানিবহ লাগিব৷ জিলাখনৰ মাজেৰে অব্যাহত থকা চোৰাং গৰু সৰবৰাহৰ লগত নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱান জডিত থকা সন্দর্ভত আৰক্ষী নিশ্চিত হোৱাৰ কথা সদৰী কৰি আৰক্ষী অধীক্ষক মিশ্রহ আৰু কয়– তেওঁলোকক হতিমধ্যে চিনাক্ত কৰা হৈছে৷ অচিৰেহ তেওঁলোকক গ্রেপ্তাৰ কৰা হ’ব৷ আৰক্ষী অধীক্ষক মিশ্রহ কয়– চোৰাং গৰু সৰবৰাহৰ দৰে কার্যৰ লগত বিভিন্ন প্রকাৰে যিয়েহ জডিত নাথাকক, যি পদবীৰ লোকেহ জডিত নাথাকক, সকলোৱে শাস্তি পাব৷ নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীক কেৱল বৰঘাট আৰক্ষী চকীৰ কনিষ্টবল আৰু হোমগার্ডেহ নহয়, জিলাখনৰ আন একাংশ আৰক্ষী থানাৰ আৰক্ষীয়েও সহায় কৰি থকা আৰু এহ কাৰবাৰত আন ক্ষেত্রৰ লোকো জডিত থকাৰ তথ্যও নগাঁও আৰক্ষীয়ে লাভ কৰিছে বুলি সদৰী কৰি তেওঁ কয়– যিয়েহ জডিত আছে সকলোকে গ্রেপ্তাৰ কৰিম৷ হপিনে, কালি নিশা নগাঁৱৰ বৰঘাটত অভিযান চলাহ চোৰাং গৰু সৰবৰাহকাৰীৰ লগতে দুখনকৈ ড্রাকসহ চোৰাং গৰু জব্দ কৰা সন্দর্ভত আৰক্ষী অধীক্ষক মিশ্রহ সাংবাদিকক কয়– কালি নিশা আমি খবৰ পাহছিলোঁ দুখন ড্রাকত চোৰাং গৰু অনাৰ বিষয়ে৷ লগে লগে আমাৰ এ এন এছ টীম আৰু বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে চাৰিলেন ৰাষ্ট্রীয় ঘাহপথ সংযোগী বাহপাছত এক অভিযান চলাহ ড্রাককেহখন জব্দ কৰাৰ চেষ্টা কৰে৷ তেনে সময়তে চোৰাং গৰু সৰবৰাহকাৰীৰ সৈতে আমাৰ আৰক্ষীৰ হতাহতিও লাগে৷ কিন্তু আমাৰ দলে ছয়জন চোৰাং গৰু সৰবৰাহকাৰীৰ লগতে ৪২টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ এহ চোৰাং গৰুসমূহ এ এছ–০১ এন চি–১৮৪৩ আৰু এ এছ–০১ এল চি–৫১৫৭ নম্বৰৰ দুখন ড্রাকত সৰবৰাহ কৰি আনিছিল৷ শিৱসাগৰ জিলাৰ ৰাজমাহ বজাৰৰ পৰা হোজাহ জিলাৰ লংকাৰ নখুঁটিৰ দিশে ড্রাক দুখনত চোৰাং গৰুসমূহ লৈ যোৱাৰ পথত আৰক্ষীয়ে ড্রাকসহ গৰুসমূহ জব্দ কৰে৷ আৰক্ষীয়ে এহ চোৰাং গৰু সৰবৰাহৰ লগত জডিত জান বৰা, মুস্তাফা আহমেদ, ৰুছমত আলী, ভৃগু বাহলুং আৰু আজিবুৰ ৰহমানকে প্রমুখ্য কৰি ৭টা চোৰাং গৰু সৰবৰাহল লগত জড়িত লোকক আটক কৰে৷ ধৃত চোৰাং গৰু সৰবৰাহকাৰীসকল ভিতৰৰ মুস্তাফা আহমেদৰ ঘৰ চামগুৰিৰ আমনিত৷ আৰক্ষী অধীক্ষক মিশ্রহ জনোৱা মতে, মুস্তাফা আহমেদ বিভিন্ন ডকাহতি, হত্যা, অস্ত্র সৰবৰাহৰ গোচৰতো অভিযুক্ত৷ তেওঁৰ সৈতে চোৰাং গৰু সৰবৰাহৰ এটা বৃহৎ দল জডিত হৈ আছে৷ হপিনে, এহ চোৰাং গৰু সৰবৰাহকাৰীৰ দলটোৱে ড্রাক দুখনৰ পিছে পিছে এ এছ–০২ জেড–৬১১১ নম্বৰৰ ছুহফট ডিজায়াৰ গাডী এখনেৰে গৈ আছিল৷ আৰক্ষীয়ে সেহ ছুহফট ডিজায়াৰ গাডীখনো জব্দ কৰে৷ শেহতীয়াকৈ জানিব পৰা মতে, চোৰাং গৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত এজন আৰক্ষী কনিষ্টবল আৰু এজন হোমগার্ডক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে আৰু দুয়োকে শীঘ্রে গ্রেপ্তাৰ কৰাটো নিশ্চিত৷ অৱশ্যে তদন্তৰ স্বার্থত আৰক্ষীয়ে এহপর্যন্ত তেওঁলোক দুয়োৰে নাম সদৰী কৰা নাহ৷

You might also like