নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ‘কা’বিৰোধী প্রতিবাদৰ মাজতে দলীয় সাংগঠনিক দিশ শক্তিশালী কৰাৰ প্রচেষ্টাত নামি পৰিছে শাসকীয় বিজেপি দল ৷ ইতিমধ্যে কেইবাখনো জিলাত বৃহৎ দলীয় সভাৰে ৰণডংকা বজোৱা শাসকীয় দলটোৱে মঙলবাৰে দলৰ মহিলা কার্যকর্তাসকলক একত্রিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰিলে ‘আইদেউৰ বুলনি’ শীর্ষক মহিলাৰ এক সভা ৷ বিজেপিৰ মহিলা মর্চাৰ উদ্যোগত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰাজ্যৰ প্রতিটো পৰিয়ালৰ ওচৰলৈ নিয়াৰ বাবে আহ্বান জনায় ৷ মুখ্যমন্ত্রীৰ মন্তব্য– ৰাজ্যৰ প্রতিটো পৰিয়ালৰ উন্নয়নৰ বাবে চৰকাৰে কেইবাখনো আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিসমূহৰ সবিশেষ ৰাজ্যৰ প্রতিজন লোকক অৱগত কৰাৰ দায়িত্ব বিজেপিৰ কার্যকর্তাসকলৰ ৷ সেয়েহে প্রতিখন পঞ্চায়তৰ প্রতিটো পৰিয়ালৰ ওচৰলৈ আপোনালোক যাওক আৰু এই বিষয়ে আলোচনা কৰক৷ মন কৰিবলগীয়া যে ৰাজ্যৰ প্রতিখন পঞ্চায়ত আৰু মণ্ডল পর্যায়ত মহিলাসকলক নির্বাচনৰ বাবে সক্রিয় কৰাৰ বাবে শাসকীয় দলটোৱে বিশেষ পৰিকল্পনা প্রস্তুত কৰিছে ৷ এই লক্ষ্যৰে তৃণমূল পর্যায়ত মহিলাসকলৰ মাজত বিভিন্ন প্রতিযোগিতাৰো আয়োজন কৰিছে ৷ দলৰ এনে পৰিকল্পনা অনুসৰিয়ে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আইদেউৰ বুলনি শীর্ষক মহিলা মর্চাৰ সাংগঠনিক সভাখন অনুষ্ঠিত কৰা হয় ৷
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে ‘কা’বিৰোধী আন্দোলনে সৃষ্টি কৰা পৰিৱেশ তথা সংঘাত আঁতৰাই সমন্বয় ৰচনা কৰাৰ বাবে প্রচেষ্টা হাতত লোৱা বুলি উল্লেখ কৰে ৷ তেওঁ কয়– ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ মাজত সংঘাতৰ পৰিৱর্তে সমন্বয় ৰচনা কৰিবলৈ চৰকাৰখনে দায়িত্ব গ্রহণ কৰা দিনৰে পৰা কাম কৰি আহিছে ৷ বিশেষকৈ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামত বাস কৰা নাৰী সমাজৰ প্রতি শ্রদ্ধাশীল হৈ চৰকাৰখনে মহিলা সবলীকৰণত অধিক গুৰুত্ব দি আহিছে ৷ মুখ্যমন্ত্রীয়ে চাহ জনগোষ্ঠীৰ মহিলাসকললৈ আগবঢ়োৱা আঁচনিৰ কথা উল্লেখ কৰি কয়– চাহ শ্রমিকৰ গর্ভৱতী মহিলাসকলে যাতে গর্ভধাৰণৰ সময়ত পুষ্টিকৰ খাদ্য খাবলৈ সক্ষম হয়, তাৰ বাবে এককালীনভাৱে ১২,০০০ টকা আগবঢ়োৱা হৈছে ৷ সেয়াই নহয়, প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ ৭০ শতাংশ মহিলাক দিয়া হৈছে ৷ এইখন চৰকাৰৰ দিনতে ৮খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ পূর্বৰ ১৫ বছৰীয়া কংগ্রেছৰ কার্যকালত ৬খন চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱর্তে আমাৰ ৪ বছৰীয়া কার্যকালতে ৮খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ সেয়াই নহয়, যোগাযোগৰ ক্ষেত্রতো চৰকাৰখনে ব্যাপক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে ৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত জোনাইলৈ ব্রডগজ ৰে’ললাইন নির্মাণৰ নামত চৰম খেলিমেলিৰ সৃষ্টি কৰিলে ৷ কিন্তু এতিয়া জোনাইৰ পৰা ১২খনকৈ ৰে’ল বিভিন্ন প্রান্তলৈ যায় ৷ পূর্বে অনুন্নত অৱস্থাত থকা ধুবুৰীত এই চৰকাৰৰ দিনতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ল ৷
আনহাতে সভাত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে শেহতীয়া পৰিৱেশৰ সুযোগ লৈ একাংশই অপপ্রচাৰেৰে ৰাইজক শংকিত কৰিব বিচাৰিছে ৷ এই অপপ্রচাৰৰ দ্বাৰা ডেৰ কোটি লোক অসমলৈ আহিব বুলি কৈ ৰাইজক বিভ্রান্ত কৰিছে ৷ এজনো বিদেশী লোক অসমলৈ নাহে ৷ ১৯৭১ চনৰ পিছৰ পৰা অসমতে থকা কিছুসংখ্যক লোককহে নাগৰিকত্ব প্রদান কৰা হ’ব ৷ উল্লেখ্য যে আইদেউৰ বুলনিৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ প্রতিযোগিতাৰ আয়োজন কৰিছে ৷ সেই অনুসৰি ২ ফেব্রুৱাৰীত ব্রহ্মপুত্র উপত্যকাত মহিলাসকলৰ মাজত দলীয় নাম প্রতিযোগিতা অনুষ্ঠিত হ’ব ৷ প্রতিযোগিতাত প্রথম স্থান লাভ কৰাসকলক ১০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৭ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫ হাজাৰ টকা দিয়া হ’ব ৷ আনহাতে, বৰাক উপত্যকাত স্থানীয় ঢ়ামাইল নৃত্য প্রতিযোগিতা আৰু কার্বি আংলং, ডিমা হাছাও জিলাত লোকনৃত্য প্রতিযোগিতা অনুষ্ঠিত হ’ব ৷ একেদৰে ২৬ এপ্রিলত দলীয় বিহুগীত বা লোকনৃত্য প্রতিযোগিতা, ২৬ জুলাইত দলীয়ভাৱে বিয়ানাম বা জনগোষ্ঠী নৃত্য–গীত প্রতিযোগিতা, ২৭ ছেপ্টেম্বৰত দলীয়ভাৱে জনগোষ্ঠীয় নৃত্য–গীত প্রতিযোগিতা আৰু ২৯ নৱেম্বৰত এককভাৱে নৃত্য–গীত প্রতিযোগিতা অনুষ্ঠিত হ’ব ৷ ‘আইদেউৰ বুলনি’ অনুষ্ঠানত সাংসদ কুইন ওজা, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত বিধায়িকা আঙুৰলতা ডেকা, নৱনীতা সন্দিকৈ, সুমন হৰিপ্রিয়া, প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয়া চক্রৱর্তীও উপস্থিত থাকে ৷