নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী সংস্থাপনৰ আশা নকৰি কৃষিৰে স্বাৱলম্বী টিংখাঙৰ এজন যুৱক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ টিংখাঙৰ এজন উচ্চ শিক্ষিত যুৱক। যুৱক জনৰ নাম অশোক লামা। উচ্চ শিক্ষা গ্ৰহণ কৰিও যুৱক জনে চৰকাৰী চাকৰি আশাৰ কৰা নাছিল। বৰং একাগ্ৰতাৰে মনোনিবেশ কৰিছিল কৃষি কৰ্মত । অৱশেষত ফল লাভ কৰিবলৈ সক্ষম হৈছে যুৱক জনে। থাইলেণ্ডৰ উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ পথ পশস্ত কৰিছে লামাই।আধুনিক পদ্ধতিৰে উৎপাদন কৰা বিলাতী বগৰী এতিয়া উপচি পৰিছে তেওঁৰ বাৰীত । বগৰী খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী লামা। উল্লেখ্য যে ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ২০০৩ চনৰ পৰা কৃষি কৰ্মত আত্মনিয়োগ কৰা লামাই অশেষ কষ্ট আৰু পৰিশ্ৰমেৰে কম মাটিতে আৰম্ভ কৰিছে থাইলেণ্ডৰ বগৰী, হাইব্ৰিড মধুৰী আম, ফুলৰ নাৰ্ছাৰী, বিলাহীকে ধৰি বিভিন্ন ধৰনৰ ফল মূলৰ খেতি। প্ৰথম অৱস্থাত কলকাতাৰ পৰা পুলি আনি টিংখাঙত আৰম্ভ কৰিছিল বগৰীখেতি। এই বগৰী খেতিডৰাৰ পৰা বৰ্তমান লামাই যথেষ্ট পৰিমাণে বগৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে। তেওঁ উৎপাদন কৰা বগৰীসমূহ কিলোৱে প্ৰতি পাইকাৰী দৰত ৬০ টকা আৰু খুচুৰা মূল্যত ৮০ টকাকৈ বিক্ৰী কৰি আহিছে। লামাৰ এই কাৰ্যই উৎসাহিত কৰিছে স্থানীয় যুৱক সকলক।

You might also like