নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত জিলা প্রশাসনে লকডাউনৰ সময়ছোৱাত গ্রহণ কৰা কার্যব্যৱস্থা সম্পর্কে পর্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ধেমাজিত বৃহস্পতিবাৰে বিয়লি সতীর্থ মন্ত্রী নৱ কুমাৰ দলেসহ এক বৈঠকত মিলিত হয় ৷ জিলা উপায়ুক্ত–আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত প্রায় ডেৰ ঘণ্টা সময় জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত বৈঠকত মিলিত হৈ জিলাখনৰ সামগ্রিক ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয় ৷ লকডাউনৰ সময়ত সামাজিক দূৰত্ব বর্তাই ৰাখি চৰকাৰৰ সকলো নীতি–নির্দেশনা কঠোৰভাৱে পালনৰ কৰাত সচেষ্ট হ’বলৈ আৰক্ষী আহ্বান জনায় ৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বার্তালাপত এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রী মূল্যবৃদ্ধি ৰোধৰ বাবে জিলা প্রশাসনক নির্দেশ দিয়া বুলি জানিবলৈ দি জনসাধাৰণৰ বাবে চৰকাৰে প্রদান কৰা বিনামূলীয়া খাদ্যসামগ্রী আত্মসাৎ কৰাটো সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি এনেধৰণৰ দুর্নীতিত জড়িতসকলৰ বিৰুদ্ধে জিলা প্রশাসনক কঠোৰ পদক্ষেপ লোৱাৰ নির্দেশ দিয়া হৈছে বুলি কয় ৷
মুখ্যমন্ত্রীয়ে বৃহস্পতিবাৰে বিশ্বনাথ আৰু মাজুলী জিলাত জিলা প্রশাসনৰ বিষয়াৰে বৈঠকৰ পিছত বায়ুসেনাৰ এখন হেলিকপ্টাৰে বিয়লি ধেমাজি কাছাৰী ময়দানত অৱতৰণ কৰি পোনে পোনে উপায়ুক্তৰ কার্যালয়ৰ বৈঠকত ভাগ লৈ সাংবাদিকৰে হোৱা বার্তালাপত ক’ৰোনা মহামাৰী প্রতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিনে–ৰাতিয়ে সেৱা আগবঢ়াই অহা বুলি উল্লেখ কৰি এইক্ষেত্রত চিকিৎসক–স্বাস্থ্যকৰ্মীক বিশেষ ধন্যবাদ জনাই এই মহামাৰীৰ প্রতিৰোধৰ বাবে জনসাধাৰণৰ সহযোগিতা কামনা কৰে ৷ আনহাতে, বিশ্বনাথত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৷ তেওঁ ১২.৩০ বজাত বিশ্বনাথ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনৰ স্বাস্থ্য বিভাগৰ মুৰব্বী, বন বিভাগৰ বিষয়া, মহকুমা স্বাস্থ্য বিষয়া, কৃষি বিভাগৰ বিষয়া, আৰক্ষী বিষয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে ৷ বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্যবাসীয়ে সামাজিক দূৰত্ব বজাই ৰাখি দ্বিতীয় পর্যায়ৰ লকডাউন পালন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
ইফালে অসমৰ ৩৩খন জিলাত বসবাস কৰা তিনি কোটি ত্রিশ লাখ লোকৰ লগতে বিশ্বনাথ জিলাত বসবাস কৰা ৯ লাখ জনসাধাৰণে এই লকডাউনৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা সকলো যাৱতীয় ব্যৱস্থা গ্রহণৰ প্রস্তুতি চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে লকডাউনৰ সময়ত চৰকাৰে ইতিমধ্যে প্রায় ৫২ লাখ পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে লকডাউনৰ সময়ত অসমৰ স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, অসামৰিক যোগান বিভাগ, শক্তি বিভাগ, পৰিবহণ বিভাগ, কৃষি বিভাগ, সাংবাদিক তথা জৰুৰীকালীন সেৱাত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে জিলা প্রশাসনৰ সৈতে হোৱা পর্যালোচনা সভাত দ্বিতীয় পর্যায়ৰ লকডাউন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজৰ এক জটিল পর্যায়ৰ এই সময়ত প্রশাসনক আখৰে আখৰে নিয়ম–নীতি পালন কৰিবলৈ আহ্বান জনায়৷ ইফালে এই লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণত প্রশাসনলৈ ব্যৱস্থা ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷মুখ্যমন্ত্রীগৰাকীক কেবিনেট মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্রমোদবৰঠাকুৰ, ডিব্রুগড সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই সংগ দিয়ে ৷