নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাৰ্জীল দেশদ্ৰোহী নহয়, যৌৱনৰ আৱেগত কৈছেঃ হীৰেন গোহাঁই

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ দিল্লীৰ ছাহীন বাগত হোৱা কাবিৰোধী প্ৰতিবাদত অসমক ভাৰতৰ পৰা পৃথক কৰাৰ বিস্ফোৰক মন্তব্য দিয়া ছাৰ্জীল ইমাম সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁয়ে দিয়া বক্তব্যৰ পাচতে এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত । ছাৰ্জীল ইমাম সন্দৰ্ভত বুদ্ধিজীৱি গৰাকীয়ে এয়া যৌৱনৰ আৱেগত কোৱা কথা বুলি উল্লেখ কৰে । যৌৱনৰ উন্মাদনা,যৌৱনৰ তেজস্বী ভাৱধাৰাৰ বলেৰে বলীয়ান হৈ ছাৰ্জীল ইমামে কোৱা এইখিনি কথাক লৈ দেশদ্ৰোহী সজোৱাতো অত্যন্ত হাস্যকৰ বুলি উল্লেখ কৰে হীৰেন গোহাঁয়ে । যুৱ শক্তিৰ এই শক্তিয়ে গোটেই দেশৰে যুৱকক উদ্দেলিত কৰিছে ।

হীৰেন গোহাঁইৰ এই বক্তব্যৰ পাচতে এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । ৰাজ্যৰ বৌদ্ধিক মহলৰ লগতে সাধাৰণ জনতাও যেন সুখী হ’ব পৰা নাই এই বক্তব্যক লৈ । অসম তথা উত্তৰ পূবক ভাৰতৰ পৰা পৃথক কৰাৰ এই বক্তব্যৰ পাচতে এতিয়া আৰক্ষীয়ে এই ছাত্ৰনেতা গৰাকীক গ্ৰেপ্তাৰৰ বাবে আৰম্ভ কৰিছে অভিযান । উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১০ টা গোট গঠন কৰি অভিযান আৰম্ভ কৰিছে ছাৰ্জীল ইমামৰ বিৰুদ্ধে । পলাতক হৈ থকা কুখ্যাত বামপন্থী ছাত্ৰনেতা গৰাকীক বিচাৰি দিল্লী, মীৰাট, আলিগড় আদি স্থানত আৰম্ভ কৰিছে অভিযান ।

You might also like