নিয়মীয়া বাৰ্তা,১৬ ফেব্রুৱাৰীঃ ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ৰেগুলেচন ফ্রণ্টিয়াৰৰ শেহতীয়া সংশোধনীক অসাংবিধানিক ঘোষণা কৰি অসমতো ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রৱর্তনৰ আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) ৷ বেংগল ইষ্টার্ন ৰেগুলেচন ফ্রণ্টিয়াৰ অনুসৰি কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলাত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আছিল যদিও সেয়া তেতিয়া কার্যকৰী কৰা হোৱা নাছিল ৷ পিছে যোৱা ১১ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ প্রাকমুহূর্তত এখন সংশোধনী জাননী জাৰি কৰি কেন্দ্রীয় গৃহ মন্ত্রালয়ে অসমৰ উক্ত জিলাসমূহৰ পৰা ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রত্যাহাৰ কৰে ৷ কেন্দ্রৰ এই সংশোধনী জাননীক প্রত্যাহ্বান জনাই সদৌ তাই আহোম ছাত্র সন্থাই অলপতে উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে ৷
আবেদনখনৰ শুনানিৰ দিন এতিয়াও ধার্য কৰা হোৱা নাই যদিও অসমৰ ইনাৰ লাইন পার্মিটৰ বিষয়টো উচ্চতম ন্যায়ালয়ে কিদৰে বিবেচনা কৰে, সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ৰেগুলেচন ফ্রণ্টিয়াৰৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মিজোৰামত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আছে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী আইন বলৱৎ নহয়৷ সেই দৃষ্টিকোণৰ পৰা অসমৰ উক্ত জিলাকেইখনত ইনাৰ লাইন পর্মিটৰ ব্যৱস্থা কার্যকৰী কৰা হ’লে বিতর্কিত আইনখন প্রযোজ্য নহ’ব৷ পিছে ন্যায়ালয়ৰ সন্মুখত প্রথমতেই যি প্রশ্ণ উত্থাপন হ’ব, সেয়া হৈছে ইমান দিন অসমৰ নির্দিষ্ট কিছু জিলাত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা থাকিলেও ইয়াক কিয় কার্যকৰী কৰা হোৱা নাছিল? ইপিনে উচ্চতম ন্যায়ালয়ত সদৌ তাই আহোম ছাত্র সন্থাই ৰুজু কৰা আবেদনখনক লৈ ছ’চিয়েল মিডিয়াত বিশেষ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ ছ’চিয়েল মিডিয়াত চলি থকা চর্চা অনুসৰি তাই আহোম ছাত্র সন্থাৰ এই আইনী যুঁজৰ আঁৰত আছে যোৰহাটৰ বিশিষ্ট অধিবক্তা মলেন গগৈ আৰু বর্ণালী বৰুৱা ৷