নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰে’ল বিভাগৰ ব্যক্তিগতকৰণৰ পথ প্রশস্ত কৰিলে নিটি আয়োগে৷ কেন্দ্রীয় চৰকাৰৰ নীতি নির্ধাৰণকাৰী নিটি আয়োগে কালি ৰে’ল বিভাগৰ বৃহত্তম সংস্কাৰ ঘটাই ১০০টা ৰে’লপথ ব্যক্তিগতকৰণৰ পৰিকল্পনা চূড়ান্ত কৰে৷ তদুপৰি ১৫০খন যাত্রীবাহী ৰে’ল আৰু ৰে’লপথৰ ব্যক্তিগতকৰণৰ নিবিদাত অনুমোদন জনায়৷
ৰে’ল ব্যক্তিগতকৰণৰ পৰিকল্পনা অনুসৰি ৰে’লপথ আৰু ৰে’লৰ নিবিদাত দেশৰ লগতে বিদেশৰ কোম্পানীয়েও অংশ ল’ব পাৰিব৷ ৰে’ল আৰু পর্যটন ক্ষেত্রত অভিজ্ঞতাপুষ্ট কোম্পানীসমূহে ১০০টা ৰে’লপথ আৰু ১৫০খন ৰে’ল ব্যক্তিগতকৰণৰ নিবিদাত অংশ ল’ব পাৰিব বুলি নিটি আয়োগৰ ৱেবছাইটত প্রকাশ পাইছে৷ ৰাজহ অংশীদাৰিত্বৰ ভিত্তিত এই নিবিদাৰ অনুমতি দিয়া হ’ব৷ ৰে’ল আৰু ৰে’লপথ ব্যক্তিগতকৰণত নিটি আয়োগ আৰু ৰে’ল বিভাগে ২২,৫০০ কোটি টকা বিনিয়োগ কৰিবলৈ মনস্থ কৰিছে৷
ইতিমধ্যে দেশজুৰি ৰে’লপথ ব্যক্তিগতকৰণৰ তালিকাত অসমৰ পৰা ছেকেন্দ্রাবাদলৈ যোৱা ৰে’লপথটো অন্তর্ভুক্ত হৈছে৷ ছেকেন্দ্রাবাদ–গুৱাহা ৰে’লপথৰ লগতে মুম্বাই চেণ্ড্রেল–নতুন দিল্লী, নতুন দিল্লী–পাটনা, এলাহাবাদ–পুনে, দাদৰ–বদোদৰা, হাওৰা–চেন্নাই, হাওৰা–পাটনা, ইন্দোৰ–ওখলা, লক্ষ্ণৌ–জম্মু টাৱি, চেন্নাই–ওখলা, আনন্দবিহাৰ–ভাগলপ্, হাওৰা–আনন্দবিহাৰ অন্যতম৷ পৰিকল্পনা অনুসৰি ব্যক্তিগতকৰণৰ বাবে তালিকাভুক্ত কৰা ১০০ ৰে’লপথক ১০–১২ ক্লাষ্টাৰত ভাগ কৰা হ’ব৷
উল্লেখ্য যে ইতিমধ্যে আই আৰ চি টি চি (ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম ক’পৰেচন) লক্ষ্ণৌ–দিল্লী পথত ৰে’ল ব্যক্তিগতকৰণৰ পদক্ষেপ হিচাপে তেজছ এক্সপ্রেছ বিগত বর্ষৰ ৫ অক্টোবৰত আৰম্ভ কৰা হৈছিল৷ এই ব্যক্তিগত ৰে’লখনে প্রথম মাহত ৭০ লাখ টকা লাভ কৰে আৰু এই ৰে’লখনত গড়ে ৮০–৮৫ শতাংশ যাত্রী ভ্রমণ কৰিছিল৷ তেজছ এক্সপ্রেছৰ সফলতাক আধাৰ হিচাপে লৈয়ে ৰে’ল ব্যক্তিগতকৰণক প্রাধান্য দিয়ে নিটি আয়োগে৷
নিটি আয়োগৰ ৱেবছাইটত প্রকাশ পোৱা তথ্য মতে, ২০১৮–১৯ চনত মুঠ ৩৬৫ কোটি যাত্রীৰ ভিতৰত ৱেইটিং লিষ্টত থকা যাত্রীৰ সংখ্যা আছিল ১৬ শতাংশ৷ প্রায় ৮.৮৫ কোটি যাত্রীক ৱেইটিং লিষ্টত থকা আসন যোগান ধৰিব পৰা নাছিল৷