নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ গৰৈমাৰী উন্নয়ন খণ্ডত ব্যাপক দুর্নীতিঃ বিডিঅ’–পঞ্চায়ত সচিব ৱার্ড মেম্বাৰসহ গ্রেপ্তাৰ চাৰি

নিয়মীয়া বাৰ্তা, ১৯ মে’:   লকডাউনৰ সময়ছোৱাত দেশৰ বহু জনতাই খাদ্য সংকটত তথা অর্থ সংকটত ভুগিছে৷ এই খাদ্য সংকটৰ বাবে চৰকাৰে ৰেচন কার্ড থকা পৰিয়ালক বিনামূলীয়াকৈ চাউল বিতৰণ কৰাৰ লগতে যিসকল দুখীয়া পৰিয়ালৰ ৰেচন কার্ড নাই, সেইসকল পৰিয়ালক বিনামূলীয়াকৈ চাউল বিতৰণ কৰাৰ লগতে ১০০০ টকাকৈ প্রদান কৰিছে৷ বিষয়া–কর্মচাৰী তথা পঞ্চায়ত প্রতিনিধিসকলে যোগ্য হিতাধিকাৰীক দিয়াৰ বিপৰীতে তেওঁলোকৰ অঙহী–বঙহীক ১০০০ টকা প্রদান কৰিছে৷

উল্লেখ্য যে লকডাউনৰ এই সময়ছোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা হ্রস্বম্যাদী আঁচনিসমূহ এতিয়া একাংশ বিষয়া–কর্মচাৰী আৰু জনপ্রতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে৷ দুখীয়া লোকক এহেজাৰকৈ প্রদান কৰাৰ ক্ষেত্রত ভুৱা হিতাধিকাৰীৰ নামত লাখ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীসহ চাৰিজন লোক৷ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত দুখীয়া লোকসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে হ্রস্বম্যাদী আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে৷ এই আঁচনিসমূহ এতিয়া একাংশ বিষয়া–কর্মচাৰী, জনপ্রতিনিধিয়ে সোণৰ কণী পৰা হাঁহত পৰিণত কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

যোৱানিশা দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীক বাইহাটা চাৰিআলিস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ জিলা আৰক্ষীয়ে অভিযান চলাই গ্রেপ্তাৰ কৰে৷ লগতে একে অভিযোগত জোৰশিমলু গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলু গাঁও পঞ্চায়তৰ ৱার্ড মেম্বাৰ চাহেৰা খাতুন আৰু সমবায়ৰ এজেণ্ট ৰমজান আলীক একেনিশাই বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰি ছয়গাঁও থানালৈ লৈ আহে৷ উক্ত চাৰিজেনে মিলি চৰকাৰে দুখীয়া লোকৰ বাবে প্রদান কৰা ১০০০ টকীয়া আঁচনিৰ নামত বিয়াগোম দুর্নীতি সংঘটিত কৰি লাখ লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

আনহাতে গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণৰ নামত দীর্ঘদিন ধৰি বিভিন্ন ধৰণে দুর্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে৷ উক্ত ঘটনা সন্দর্ভত ছয়গাঁও থানাত ৪০১/২০০০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ছয়গাঁও সমষ্টিৰ বহু পঞ্চায়তত ৰেচন কার্ড নোহোৱা দুখীয়া হিতাধিকাৰী এই ১০০০ টকাৰ পৰা বঞ্চিত হৈছে৷

You might also like