নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী, কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়ন আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি লকডাউনৰ সময়ছোৱাত বহিঃৰাজ্যকেইখনত আবদ্ধ হৈ থকা অসমৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু প্রয়োজনীয় সা–সুবিধা আগবঢ়োৱা সন্দর্ভত আলোচনা কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে ৰাষ্ট্রজুৰি কার্যকৰী হৈ থকা লকডাউনৰ ফলত সেই ৰাজ্যকেইখনত অধ্যয়ন কৰি থকা অসমৰ ছাত্র–ছাত্রীকে ধৰি বিভিন্ন ক্ষেত্রত কর্মৰত হৈ থকা ব্যক্তিৰ লগতে চিকিৎসা আৰু বিভিন্ন কাৰণত ৰাজ্যকেইখনলৈ যোৱা অসমৰ বহুসংখ্যক লোক আবদ্ধ হৈছে৷ অসম চৰকাৰে এই লোকসকলক সহায়–সহযোগিতা আগবঢ়াবলৈ নিজাববীয়াকৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও সংশ্লিষ্ট ৰাজ্যকেইখনৰ তৰফৰ পৰা লাভ কৰা সহযোগিতাই অসমৰ এই লোকসকলক যথেষ্ট সকাহ দিব৷ অসমৰ এই লোকসকলক সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখনে আশ্রয়, খাদ্য যোগান, চিকিৎসাকে ধৰি প্রয়োজনীয় সকলো সা–সুবিধা যাতে আগবঢ়ায়, তাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে মুখ্যমন্ত্রীকেইগৰাকী অনুৰোধ জনায়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ইতিমধ্যে বিভিন্ন ৰাজ্য চৰকাৰলৈ অসম চৰকাৰে এই সন্দর্ভত পত্রও প্রেৰণ কৰিছে৷ অসম চৰকাৰেও আন ৰাজ্যৰ পৰা এনে ধৰণৰ পত্র লাভ কৰাৰ কথা মুখ্যমন্ত্রী সোণোৱালে বার্তালাপৰ সময়ত উল্লেখ কৰে৷ আলোচনাৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে মুখ্যমন্ত্রীকেইগৰাকী আশ্বস্ত কৰি কয় যে লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ ৰাজ্যৰ যিসকল লোক অসমত আবদ্ধ হৈ আছে, তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ লগতে এই সময়ছোৱাত যাতে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই সন্দর্ভত অসম চৰকাৰে ইতিমধ্যে যথোচিত পদক্ষেপ গ্রহণ কৰিছে৷ আটাইকেইগৰাকী মুখ্যমন্ত্রীয়ে তেওঁলোকৰ নিজ নিজ ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ সুৰক্ষাকে ধৰি প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিছে ৷