জলপ্রলয়ে তচনচ কৰিব অসম–অৰুণাচল
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: লাডাখক লৈ চীন–ভাৰতৰ সম্পর্কৰ অৱনিত ঘটাৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রালয়ে অসম আৰু অৰুণাচল প্রদেশত জাৰি কৰিছে হাই এলার্ট৷ চীনৰ সামৰিক আগ্রাসনৰ বাবে নহয়, চুবুৰীয়া দেশখনৰ ব্রহ্মপুত্রৰ উপনৈত সৃষ্টি হোৱা এক বিশাল কৃত্রিম হ্রদক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰিছে এই হাই এলার্ট৷ বাস্তৱত ভাৰত–চীন সীমান্তৰ প্রায় ২০০ কিলোমিটাৰ দূৰত অলপতে হোৱা ব্যাপক ভূমিস্খলনৰ বাবে সৃষ্টি হোৱা বিশাল কৃত্রিম হ্রদটোৰ যিকোনো মুহূর্তত পাৰ ভাগি যাব পাৰে৷ যাৰ ফলত তচনচ হৈ যাব পাৰে অৰুণাচল প্রদেশৰ ছিয়াং উপত্যকাকে ধৰি অসমৰ ব্রহ্মপুত্র উপত্যকা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রস্তুত কৰা এক প্রতিবেদনত এই ভয়ংকৰ আগজাননী দিয়া হৈছে৷ কোৱা হৈছে ইয়াৰলুং ছাংপ’ৰ (চীন দেশত ব্রহ্মপুত্রৰ নাম) এখন অন্যতম উপনৈ তিব্বতৰ ইগংছো নদীৰ গতিপথৰ মাজভাগত প্রবল ভূস্খলনৰ বাবে সৃষ্টি হোৱা কৃত্রিম হ্রদটো ভাগি গ’লে প্রতি ছেকেণ্ডত প্রায় ৮২৩ কিউবিক মিটাৰ পানী নির্গত হ’ব পাৰে, যি অৰুণাচল প্রদেশৰ ছিয়াং উপত্যকা তচনচ কৰি দিবৰ বাবে পর্যাপ্ত৷ প্রথমতে অৰুণাচল প্রদেশৰ ছিয়াং নদীৰ বানে তাণ্ডৱ চলোৱাৰ অতি কম সময়ৰ ভিতৰতে ব্রহ্মপুত্র উপত্যকাতো ধ্বংসলীলা চলাব পাৰে ইগংছোৰ কৃত্রিম হ্রদৰ পৰা তীব্র গতিত নির্গত হ’বলগীয়া পানীয়ে৷
আজি পুৱাৰ ভাগত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এই সতর্কবাণী লাভ কৰাৰ পাছত অৰুণাচল প্রদেশৰ ছিয়াং, আপাৰ ছিয়াং, পূব আৰু পশ্চিম ছিয়াঙত ৰেড এলার্ট জাৰি কৰা হৈছে৷ জানিব পৰা মতে, কেন্দ্রীয় জল আয়োগে এই মুহূর্তত যুদ্ধকালীন তৎপৰতাৰে ব্রহ্মপুত্রৰ হাইড্র’লজিকেল ছিমুলেচন অধ্যয়ন কৰি আছে৷ বিশেষকৈ ছিয়াং নদীৰ ‘আনপ্রডেক্টিবল’ চৰিত্রই বাৰুকৈ উদ্বিগ্ণ কৰি তুলিছে জল আয়োগক৷ ইগংছোৰ কৃত্রিম হ্রদৰ পাৰ ভাগি গ’লে বান মোকাবিলা কৰাৰ বাবে অসমে কিছু সময় পালেও অৰুণাচল প্রদেশে কোনো সময় নাপাব৷ আনহাতে, অসমত ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বহুতো স্থানত বিপজ্জনক অৱস্থাত আছে৷ তেনে পৰিস্থিতিত অৰুণাচলৰ লগতে অসমৰ বানে এক অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি জল আয়োগে আশংকা ব্যক্ত কৰিছে৷ ইফালে, উদ্বেগজনক বিষয়টো হৈছে চীনে যোৱা দুই বছৰ ধৰি ভাৰতক ব্রহ্মপুত্রৰ জলস্তৰ সম্পর্কীয় কোনো ধৰণৰ তথ্যপাতি যোগান ধৰাৰ পৰা বিৰত আছে৷ লাডাখক লৈ দুয়ো দেশৰ মাজত দেখা দিয়া অনিশ্চয়তাৰ মাজতে ইগংছোৰ কৃত্রিম হ্রদৰ তথ্য যে বেইজিঙে নতুন দিল্লীক অৱগত কৰিব, তাৰ কোনো নিশ্চয়তা নাই৷ সেয়েহে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা ল’বলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা অৰুণাচল প্রদেশ আৰু অসমক পৰামর্শ দিয়া হৈছে৷ আনহাতে, কেন্দ্রীয় জল আয়োগে অৰুণাচল প্রদেশত থকা ভাৰত–চীন সীমান্তৰ টুটিং হাইড্র’লজিকেল ষ্টেচনত ব্রহ্মপুত্রৰ জলস্তৰৰ লগতে নদীখনৰ গতি–প্রকৃতিৰ ওপৰত নিৰন্তৰ দৃষ্টি নিবদ্ধ ৰাখিছে৷
অধিক খবৰ বাবে তলৰ লিংকত ক্লিক কৰক