নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়কৰ ধমক বানাক্ৰান্তক, চৰিয়াই গাল ফালি দিম বান্ধি লৈ যাম তোক…

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ এটা দশক ধৰি লখিমপুৰ সমষ্টিৰ বিধায়ক হৈ আছে উৎপল দত্ত। বানে প্ৰতি বছৰে জুৰুলা কৰে লখিমপুৰ সমষ্টিটো। কিন্তু বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰি এইবাৰ বিধায়কজনে বানাক্ৰান্তৰ লগত তৰ্কযুদ্ধত লিপ্ত হয়। বানাক্ৰান্তৰ খবৰ লবলৈ যাওঁতে বানপীড়িত লোকে বিভিন্ন প্ৰশ্ন কৰে বিধায়ক জনক। ইয়াতেই খঙত টিঙিৰি তুলা লৈ বানাক্ৰান্ত লোকৰ সৈতে তৰ্কত লিপ্ত হয় বিধায়ক গৰাকীয়ে।

বানাক্ৰান্ত লোক সকলে সাহায্য নোপোৱা অথবা বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে লোকসকলে। বানাক্ৰান্ত লোকসকলৰ প্ৰশ্নত বিব্ৰত হয় আৰু বিধায়ক গৰাকীয়ে গালিগালাজ আৰম্ভ কৰে। চৰিয়াই গাল ফালি দিম,বেছিকৈ নকবি,বান্ধি লৈ যাম জাতীয় শব্দৰে গালি দিয়ে বানাক্ৰান্ত লোক সকলক।

এতিয়া প্ৰশ্ন হৈছে বানাক্ৰান্ত লোক সকলৰ খবৰ লবলৈ গৈ এনে ধৰণৰ জনপ্ৰতিনিধি এজন কাজিয়াত লিপ্ত হোৱাটো কিমান যুক্তি সংগত। কাৰণে সমষ্টিটোৰ সৰ্বাংগীন উন্নতিৰ বাবেহে এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰে, ৰাইজৰ লগত তৰ্কত লিপ্ত হবলৈ নহয়।

You might also like