নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চন পৰীক্ষাৰ প্রশ্নকাকত ফাদিলঃ উচ্চ পর্যায়ৰ তদন্ত দাবী কংগ্রেছৰ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ তিনি শতাধিক শাখা সহায়ক পদ পূৰণৰ বাবে আয়োজিত লিখিত পৰীক্ষাৰ প্রশ্নকাকত ছ’চিয়েল মিডিয়াত ফাদিল হোৱা সম্পর্কত উচ্চ পর্যায়ৰ তদন্ত বিচাৰিছে কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰে যিটো প্রতিষ্ঠানক এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল, পৰীক্ষাৰ পূর্বেই প্রশ্নকাকত কেনেকৈ ফাদিল হ’ল, সেই সম্পর্কত চৰকাৰে উচ্চ পর্যায়ৰ তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিব লাগে৷ তদন্তমর্মে দোষীক গ্রেপ্তাৰ কৰি শাস্তি বিহিব লাগে৷ এই ঘটনাই ৰাজ্য চৰকাৰখন যে পৰীক্ষা এটাও সুস্থিৰভাৱে, শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাত ব্যর্থ, সেয়া উন্মোচিত হৈছে৷

ইপিনে বিৰোধী দলপতি দেৱব্রত শইকীয়াই প্রশ্নকাকত ফাদিলৰ বিষয়টো মুখ্যমন্ত্রীক তদন্ত কৰাৰ দাবী জনাই কয় যে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্রীয়ে এইক্ষেত্রত দৃষ্টান্তমূলক ব্যৱস্থা ল’ব লাগে৷ এপটেক নামৰ ব্যক্তিগত প্রতিষ্ঠান এটাক এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দায়িত্ব দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ প্রদেশ আৰু দিল্লীত পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতি হোৱা বাবে সেই ৰাজ্য দুখন ইতিপূর্বে উক্ত প্রতিষ্ঠানটোক ব্লেকলিষ্টেড কৰিছে৷ কিন্তু অসম চৰকাৰে ছটাতকৈও অধিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব সেই প্রতিষ্ঠানটোক দিছে৷ অসমতো তেওঁলোকে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ অসম চৰকাৰকো এপটেক প্রতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায়৷

You might also like