নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাংখ্রিথাই পথাৰত প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী সোণোৱাল, বিত্তমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কোকৰাঝাৰ ভ্রমণৰ পূর্বে চহৰখনৰ জাংখ্রিথাই পথাৰত দিনে–নিশাই ব্যাপক প্রস্তুতি চলোৱা হৈছে৷ বুধবাৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ পৰা হেলিকপ্ঢাৰযোগে জাংখ্রিথাই পথাৰত উপস্থিতি হৈ বিজয় উৎসৱৰ মূল মঞ্চৰ নির্মাণকার্যৰ লগতে চৌদিশৰ সভাথলীৰ প্রস্তুতিৰ বুজ লয়৷ সাংবাদিকৰ আগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– বি টি আৰ চুক্তিৰ জৰিয়তে দীর্ঘদিনীয়া বডো আন্দোলৰ সফল পৰিসমাপ্তি ঘটিছে৷ এয়া এক ঐতিহাসিক ক্ষণ৷ এই ঐতিহাসিক ক্ষণৰ বাবে আমি অতি আগ্রহৰে বাট চাই আছিলোঁ৷ তাৰ বাবেই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ বডোসকলৰ উন্নতি হ’লে অসমৰো বিকাশ হ’ব৷ গতিকে এইক্ষেত্রত সকলো জাতি, জনগোষ্ঠীয়ে সহযোগিতা কৰিব লাগে বুলিও মুখ্যমন্ত্রী সোণোৱালে দোহাৰে৷ আনপিনে প্রধানমন্ত্রী মোদীয়ে অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন, প্রগতিৰ ক্ষেত্রতো সদায় গুৰুত্ব প্রদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ঐতিহাসিক বডো শান্তি চুক্তি বি টি আৰ তাৰ দৃষ্টান্তমূলক উদাহৰণ৷ অহা ৭ ফেব্রুৱাৰীৰ দিনা প্রধানমন্ত্রীৰ গণসমাৱেশত অসমৰ প্রতিখন জিলাৰ পৰা অহা সকলো শ্রেণীৰ ৰাইজে অংশগ্রহণ কৰিব বুলিও সাংবাদিকৰ আগত সদৰী কৰিছে মুখ্যমন্ত্রী সোণোৱালে।

বিটিচিৰ বাহিৰৰ ৰাইজক অনা–নিয়াৰ বাবে এহেজাৰখন সৰু–বৰ গাডীৰ ব্যৱস্থা কৰা হৈছেঃ হাগ্রামা
বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সভাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বি পি এফ দলৰ নেতা, কর্মী, সদস্যসকলে কাইলৈৰ পৰাই কোকৰাঝাৰ চহৰত বাহৰ পাতিব৷ ইতিমধ্যে চহৰখনত উথপথপ পৰিৱেশ সৃষ্টি হৈছে৷ বিটিচিৰ বাহিৰৰ ৰাইজক অনা–নিয়াৰ বাবে এহেজাৰখন সৰু–বৰ গাডীৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে মোদীৰ সভাত অকল বি পি এফ দলৰ প্রায় ৬ লাখ মানুহ গোট খোৱাৰ উপৰি এবছু, বিজেপিকে ধৰি মুঠ ১০ লাখ মানুহ গোট খাব বুলি আশা ব্যক্ত কৰিছে হাগ্রামা মহিলাৰীয়ে৷ আনপিনে এবছুৰ সভাপতি প্রমোদ বডোৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কোকৰাঝাৰ ভ্রমণক আদৰণি জনাই বি টি আৰ চুক্তিৰ জৰিয়তে অঞ্চলটোৰ সকলো জাতি, জনগোষ্ঠীৰ লোকে সমবিকাশ আৰু সমমর্যাদাৰে জীয়াই থকাৰ অধিকাৰ পাব বুলি কয়৷ উল্লেখ্য যে প্রধানমন্ত্রীৰ ভ্রমণৰ সময়ত যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ নহয়, সেই দিশলৈ লক্ষ্য ৰাখি এছ পি জিৰ উপৰি অসম আৰক্ষী, অর্ধসামৰিক বাহিনী, সেনা, চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলৰ লগতে বি টি আৰৰ ডি আই জি ভায়লেট বৰুৱা, অসম আৰক্ষীৰ এ ডি জি পি জি পি সিংসহ আৰক্ষী, নিৰাপত্তা বাহিনীৰ কেইবাগৰাকী উচ্চপদস্থ শীর্ষ বিষয়াই কোকৰাঝাৰত বাহৰ পাতি জাংখ্রিথাই পথাৰৰ প্রস্তুতি আৰু বিভিন্ন দিশ পর্যবেক্ষণ কৰি আছে৷
৭ ফেব্রুৱাৰীৰ বিটিএডি বন্ধ সাময়িকভাৱে প্রত্যাহাৰ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ সময়ছোৱাত ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধ ঘোষণা কৰিছিল অবডো সুৰক্ষা সমিতি অসমে৷ উল্লেখ্য যে বি টি এ ডি ৰ কোকৰাঝাৰত ৭ ফেব্রুৱাৰীত বি টি আৰ চুক্তিৰ আনন্দ উৎসৱত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই চুক্তিৰ জৰিয়তে বি টি এ ডিৰ অবডো লোকৰ অধিকাৰ খর্ব কৰাৰ কৌশল ৰচনা কৰাৰ প্রতিবাদত সংগঠনটোৱে বন্ধৰ আহ্বান জনাইছিল৷ বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে অবডো সুৰক্ষা সমিতি, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কালিৰ আলোচনামর্মে ৭ ফেব্রুৱাৰীৰ বি টি এ ডি বন্ধ প্রত্যাহাৰ কৰাৰ কথা সদৰী কৰে অবডো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰমে৷ সংবাদ মেলত সাংসদ শৰণীয়াই বি টি আৰ চুক্তি কার্যকৰী সমিতিত অবডো লোকক নিয়োগ, বি টি এ ডিৰ পৰা অবডো অধ্যুষিত গাঁও কর্তন, বি টি এ ডিত অবডো লোকৰ ভূমিৰ অধিকাৰ প্রদান কৰাৰ স্বার্থত ৭ ফেব্রুৱাৰীত লোকপিয়ল গোপীনাথ বৰদলৈ বিমানবন্দৰত প্রধানমন্ত্রী মোদীক স্মাৰক–পত্র প্রদান কৰাৰ কথা ঘোষণা কৰে৷ কিন্তু যেতিয়ালৈ বি টি এ ডিৰ অবডো লোকে নিজৰ অধিকাৰ সম্পূর্ণভাৱে নাপাব, তেতিয়ালৈ সংগ্রাম অব্যাহত থাকিব বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই৷ তেওঁ লগতে বডো সশস্ত্র বিপ্লৱী সংগঠনে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহাটোক স্বাগতম জনায় যদিও চুক্তি স্বাক্ষৰকাৰী বডো বিদ্রোহী নেতাসকলৰ মাজত এতিয়াও অবৈধ অস্ত্র আছে বুলি অভিযোগ কৰে সাংসদ শৰণীয়াই৷ অহা ১২ ফেব্রুৱাৰীত অসম চৰকাৰৰে অবডো সুৰক্ষা সমিতিৰ নেতৃত্বৰে বিভিন্ন সমস্যাক লৈ আলোচনা কৰাৰ ইংগিত দিয়াৰ কথা জানিবলৈ দিয়ে সাংসদ শৰণীয়াই৷ বি টি এ ডিৰ অবডো ৰাইজৰ সমস্যা সমাধান নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে সাংসদগৰাকীয়ে৷ সংবাদ মেলত বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত একাংশ বডো যুৱকে বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ ৰাবাংগুৰি বডো বজাৰৰ নাথ চুবুৰিৰ অবডো কেইটামান পৰিয়ালক ৰাস্তাত থিয় কৰাই গুলীয়াই মৰাৰো ভাবুকি দিয়াৰ কথা প্রকাশ কৰে সেই অঞ্চলৰে এজন সচেতন লোকে৷ যাৰ কাৰণে সেই অঞ্চলৰ একাংশ লোকে প্রাণৰ সংশয়ত দিন অতিবাহিত কৰিব লগা হোৱাৰ কথা প্রকাশ কৰে৷ সংবাদ মেলত অবডো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী, কেন্দ্রীয় কার্যকাৰী সভাপতি বিহাৰী প্রসাদ দাস, উপদেষ্টা সর্বেশ্বৰ ডেকাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে৷

You might also like