নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় স্বাভিমান গামোচাৰ ম’বাইল ক’ভাৰঃ পুষ্কৰজ্যোতিৰ অভিনৱ প্ৰয়াস

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসমীয়াৰ স্বাভিমান গামোচা জিলিকি উঠিল ম’বাইল ক’ভাৰত ৷ এগৰাকী যুৱকৰ প্রচেষ্টাত অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক গামোচা এতিয়া ম’বাইলৰ ক’ভাৰত উপলব্ধ হৈছে ৷ ইতিমধ্যে ভাৰতবর্ষৰ আন আন ৰাজ্যত ক’ভাৰত গামোচা থকা ম’বাইলে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে অসমীয়া গামোচাই কেইদিনমানৰ পূর্বে ভৌগোলিক পৰিচয় লাভ কৰিছিল ৷ ইয়াৰ কেইদিনমানৰ পিছত এইগৰাকী যুৱকে ৰঙা সূতাৰ পাৰিৰে বোৱা বগা বস্ত্রখনক লৈ দেখিছে বিশ্বজয়ৰ সপোন ৷ যুৱকজনৰ প্রচেষ্টাত অসমীয়া জাতিসত্তাৰ চিনাকি গামোচাৰে ম’বাইল ক’ভাৰ প্রস্তুত কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে এই সামগ্রীবিদে সমাদৰো লাভ কৰিছে ৷ মৰিগাঁও জিলাৰ চৰাইবাহীৰ বাসিন্দা তথা বর্তমান নগাঁও চহৰৰ আমোলাপট্টিত ভাড়াতীয়া হিচাপে থকা পুষ্কৰজ্যোতি নাথ নামৰ যুৱকজনে গামোচাৰে ম’বাইল  ক’ভাৰ প্রস্তুত কৰাৰ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে ৷ ৰঙা সূতাৰ পাৰিৰে বোৱা আৰু ধুনীয়া ধুনীয়া ফুল বছা এই বগা বস্ত্রৰে প্রস্তুত কৰি উলিয়াইছে ম’বাইল ক’ভাৰ ৷ যুৱকজনে প্রস্তুত কৰা এই ক’ভাৰে এতিয়া ছ’চিয়েল মিডিয়াতো ব্যাপক চর্চা লাভ কৰিছে ৷ অসমৰ বিভিন্ন ঠাইৰ পৰা এই সামগ্রী ক্রয়ৰ বাবে অনুৰোধ লাভ কৰিছে পুষ্কৰজ্যোতিয়ে ৷ আনকি বহিঃৰাজ্যৰ পৰাও সমাদৰ লাভ কৰিছে ৷ এনেদৰে ম’বাইল ক’ভাৰ প্রস্তুত কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে নিজৰ অর্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ সক্ষম হৈছে এতিয়া যুৱকজন ৷

You might also like