নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত চিকিৎসাধীন ছাত্রীৰ দেহত নাই ক’ৰোনা ভাইৰাছ

স্পষ্ট কৰিলে স্বাস্থ্য বিভাগে

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) আছুতীয়া কক্ষত চিকিৎসাধীন হৈ থকা গুৱাহাটীৰ যুৱতীগৰাকীৰ শৰীৰত নাই ক’ৰোনা ভাইৰাছ ৷ চীনত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্রীগৰাকীয়ে জ্বৰ, চর্দিত আক্রান্ত হৈ যোৱা বুধবাৰে সতর্কমূলক ব্যৱস্থা হিচাপে জি এম চি এইচত ভর্তি হৈছিল ৷ ছাত্রীগৰাকী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে নে নাই, সেয়া নিশ্চিত কৰাৰ বাবে কণ্ঠনলীৰ লেলাৱতীৰ নমুনা পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল ৷ সমান্তৰালভাৱে ছাত্রীগৰাকীৰ অন্যান্য পৰীক্ষা কৰাৰ অন্তত চিকিৎসকসকল নিশ্চিত হৈছে যে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা নাই ৷

এই সন্দর্ভত সকলো পৰীক্ষাৰ প্রতিবেদন অহাৰ পাছত ছাত্রীগৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ মন কৰিবলগীয়া যে যোৱা ৬ ফেব্রুৱাৰীত চীনৰ পৰা গুৱাহাটীত উপস্থিত হোৱা ছাত্রীগৰাকীয়ে দিল্লীত উপস্থিত হোৱাৰ পাছতো স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ কিন্তু ইয়াৰ পাছত গুৱাহাটীৰ হেঙেৰাবাৰীৰ গৃহত উপস্থিত হোৱা ছাত্রীগৰাকী বুধবাৰে জ্বৰ–চর্দিত আক্রান্ত হোৱাত শংকিত হৈ জি এম চি এইচত ভর্তি হয় ৷ লক্ষণীয় দিশটো হ’ল যে চীনৰ পৰা ভাৰতৰ কেইবাটাও বিমানবন্দৰ পাৰ হৈ অসমত উপস্থিত হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্রীগৰাকীয়ে লগত ক’ৰোনা ভাইৰাছ বহন কৰি আনিছে নেকি, সেয়া প্রথমটো বিমানবন্দৰত নামোতে হ’ব লগা পৰীক্ষাত নিশ্চিত হ’ব লাগিছিল ৷

কিন্তু কেইবাটাও বিমানবন্দৰ পাৰ হৈ নিজ ঘৰত উপস্থিত হোৱা ছাত্রীগৰাকীয়ে জ্বৰ–চর্দিত ভোগাৰ পাছত বিমানবন্দৰসমূহত হোৱা স্বাস্থ্য পৰীক্ষা সন্দর্ভত নিজেই পতিয়ন যাব পৰা নাই ৷ বৃহস্পতিবাৰে ছাত্রীগৰাকীক যাৱতীয় আৰু আৱশ্যকীয় সকলো ধৰণৰ পৰীক্ষা কৰা হৈছিল আৰু প্রাৰম্ভিক পৰীক্ষাত ক’ৰোনা ভাইৰাছত আক্রান্ত নহয় বুলি স্পষ্ট হৈছিল ৷ ছাত্রীগৰাকীয়েও জি এম চি এইচৰ চিকিৎসকক নিজৰ অধ্যয়নস্থলী আৰু পৰিভ্রমণ পথৰ বিৱৰণ দাঙি ধৰাৰ লগতে স্বাস্থ্য সম্পর্কীয় শংকা চিকিৎসকৰ ওচৰত ব্যক্ত কৰে ৷ ইফালে জি এম চি এইচৰ অধীক্ষক ৰমেন তালুকদাৰে জানিবলৈ দিয়া মতে, ছাত্রীগৰাকী এতিয়া সম্পূর্ণ সুস্থ৷ তেওঁৰ বিভিন্ন পৰীক্ষা সম্পূর্ণ কৰা হৈছে ৷ আজি ছাত্রীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হ’ব ৷

You might also like