জুনৰ ২ য় সপ্তাহৰ ভিতৰত ঘোষিত হ’ব মেট্ৰিকৰ ফলাফল
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ জুনৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ঘোষিত হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । ইতিমধ্যে ৮০ শতাংশ পৰীক্ষাৰ বহি চোৱাৰ কাম সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে । ইপিনে বৰ্তমান লকডাউনৰ সময়ছোৱাত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ইউটিউবৰ জড়িয়তে বিশেষ পাঠ গ্ৰহণৰ ব্যৱস্থা কৰিছে ছেবাই । ঘৰত বহিয়েই দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব যিকোনো প্ৰশ্নৰ উত্তৰ । এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ।
লগতে লকডাউন অন্তৰ পাছতেই বাকী থকা বহিখিনি চাব পৰা যাব বুলিও জনায় ছেবাৰ অধ্যক্ষগৰাকীয়ে । ইফালে ঘৰতে থাকি শিক্ষাৰ্থীসকলে নিজৰ পাঠ্যক্ৰম চলাই যাবলৈও আহ্বান জনায় ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ।