জৰাশাল বনাঞ্চলত বিমানৰ শব্দৰ মাজত কাটে প্ৰকাণ্ড প্ৰকাণ্ড গছ
ক'ৰোনাৰ আতংকৰ মাজতে চোৰাং কাঠকটীয়াৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ আতংকক কেন্দ্ৰ কৰি চলি থকা লকডাউনৰ সুযোগ গ্ৰহণ কৰিছে চোৰাং কাঠকটীয়াই। পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেঁচা খণ্ড বন কাৰ্যালয়ৰ জৰাশাল বনাঞ্চলত চোৰাং কাঠ বেপাৰীয়ে মূল্যৱান শালগছ কাটি তহিলং কৰিছে। চোৰাং কাঠ বেপাৰীৰ ছত্ৰছায়াত জৰাশাল বনাঞ্চলত অব্যাহত আছে শালগছ কটা প্ৰতিযোগিতা। গছ কটা প্ৰতিযোগিতাত নমা লোকক একাংশই হকা-বাধা কৰিলে ভাবুকিহে দিয়ে। আনকি চোৰাংকাঠ বেপাৰীয়ে মূল্যৱান গছ কটাৰ পাছত ইয়াৰ প্ৰমাণ নোহোৱা কৰিবৰ বাবে গছৰ মূৰাটো জুই জ্বলাই দিয়ে। জৰাশালৰ ওপৰেৰে যেতিয়া বিমান অহা-যোৱা কৰে, ঠিক সেই সময়ত চোৰাং কাঠ বেপাৰীয়ে গছ কাটিবলৈ লয়। কিয়নো বিমানৰ শব্দত কটা গছ মাটিত বাগৰি পৰিলে কোনেও ধৰিব নোৱাৰে। এনেকৈয়ে চোৰাং কাঠ বেপাৰীয়ে অঞ্চলটোত চলাই গৈছে দৌৰাত্ম্য। চোৰাং কাঠ বেপাৰীয়ে শুকুৰবেৰীয়াৰে মেঘালয়ৰ কাঠৰ মিললৈ কাঠ সৰবৰাহ কৰে। জৰাশালৰ নিচেই কাষতেই চেঁচা আৰু জয়পুৰ খণ্ড বন কাৰ্যালয় আছে যদিও তাত নিয়োজিত বনকৰ্মীয়ে এই ঘটনা কিয় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই তাক লৈও অঞ্চলটোত এক চৰ্চা চলিছে।