নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাৰ ৰাজপথত অসমৰ জনগোষ্ঠীয় কৃষ্টি–সংস্কৃতিৰ বর্ণিল সমাহাৰ

নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ শৈক্ষিক, বাণিজ্যিক আৰু সাংস্কৃতিক নগৰী টংলা চহৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চতুর্থ কলাগুৰু সংগীত মহোৎসৱ ৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া কার্যসূচীৰ কলাগুৰু সংগীত মহোৎসৱত পুৱা ৮.৪৫ বজাত মহোৎসৱৰ শুভাৰম্ভণি আৰু হৰি বড়ো সোঁৱৰণী সেঁতুৰ দ্বাৰ মুকলি কৰে সাহিত্য অকাডেমি বঁটা বিজয়ী ড০ ৰীতা বড়োৱে ৷ ৯ বজাত বিশিষ্ট চলচ্চিত্র কর্মী তথা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ সভাপতি ৰাজেশ ভূঞাই পতাকা উত্তোলন কৰে ৷ ইয়াৰ মাজতে লোকপ্রিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱনত আৰম্ভ হয় ৰাভা সংগীত আৰু আধুনিক গীতৰ প্রতিযোগিতা ৷ ১০ বজাত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ তথা মহোৎসৱস্থলীৰ পৰা উলিওৱা হয় জনগোষ্ঠীয় কৃষ্টিৰে পৰিপূর্ণ বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা ৷ সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ উপস্থিতিত ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্র ব্রহ্মই শোভাযাত্রা মুকলি কৰে ৷ ১০.৩০ বজাত টংলাৰ চমুৱাপাৰাত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাদেৱৰ স্থায়ী প্রতিমূর্তি উন্মোচন কৰা হয় ৷ বিয়লি ২ বজাত ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নির্মল ঘোষে মূল মঞ্চ উদ্বোধন কৰাৰ লগে লগে আৰম্ভ কৰা হয় জাতি–জনগোষ্ঠীসমূহ লোকনৃত্য ঝুমুৰ, শৰণীয়া কছাৰী, ৰাভা, বড়ো, বিহু, নাঙেলী আদি নৃত্যসমূহ ৷ ৫.৩০ বজাৰ পৰা আৰম্ভ কৰে মাল্যার্পণ আৰু বন্তি প্রজ্বলন অনুষ্ঠান ৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ বৰুৱাই ১১১সংখ্যক কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাদেৱৰ জন্মদিন উপলক্ষে শ্রদ্ধাঞ্জলিসূচক বন্তি প্রজ্বলন আৰু প্রতিচ্ছবিত মাল্যার্পণ কৰে ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ব্যাসৰ ওজাপালি প্রদর্শনেৰে প্রথম দিনৰ কার্যসূচীৰ সামৰণি পৰে ৷ আজিৰ কার্যসূচীসমূহৰ ভিতৰত আছে ৰক্তদান শিবিৰ, চাইক্লিং, ৰাভা সংগীত আৰু আধুনিক গীতৰ চূড়ান্ত প্রতিযোগিতা ৷ আলোচনা–চক্র, সাংস্কৃতিক অনুষ্ঠান, ৰবিৰাম ব্রহ্ম, গুণীৰাম ৰাভালৈ ২০২০ বর্ষৰ কলাগুৰু আৰু ফণী শর্মা বঁটা প্রদান অনুষ্ঠান ৷

You might also like