নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকলৈ যোগ্যতা লাভলিনাৰঃ ‘দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ’ত অসমৰ প্রথম মহিলা

নিয়মীয়া বাৰ্তা, ৯ মার্চঃ ৰঙৰ উৎসৱ ফাকুৱাক লৈ মতলীয়া হৈ থকাৰ সময়তে ৰাজ্যখনলৈ এক সুখবৰ কঢ়িয়াই আনিলে প্রতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে ৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে গোলাঘাটৰ বক্সাৰগৰাকীয়ে ৷ জর্ডানৰ আম্মানত চলি থকা বক্সিঙৰ এছিয়ান কোৱালিফায়িঙৰ ছেমি ফাইনেলত প্রৱেশ কৰাৰ লগে লগে অহা জুলাই মাহত জাপানৰ টকিঅ’ত হ’বলগীয়া অলিম্পিকত খেলাৰ সৌভাগ্য অর্জন কৰিলে লাভলিনাই ৷ প্রতিযোগিতাখনৰ মহিলা শাখাৰ ৬৯ কেজি শাখাত অংশগ্রহণ কৰা লাভলিনাই দেওবাৰে উজবেকিস্তানৰ মাফটুনাখ’ন মেলিভাক শোচনীয়ভাৱে ৫–০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্রৱেশ কৰাই নহয়, বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনতো খেলাৰ সুযোগ লাভ কৰে ৷ ২০১৮ আৰু ২০১৯ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জ পদক বিজয়ী অসম কন্যা লাভলিনাই কোৱার্টাৰ ফাইনেল মেচখনত উজবেকিস্তানৰ প্রতিদ্বন্দ্বীগৰাকীক প্রথমৰ পৰাই চাপত ৰাখিবলৈ সক্ষম হয় ৷

মেচখনৰ কোনো এটা ৰাউণ্ডতে প্রতিদ্বন্দ্বীগৰাকীক প্রত্যাহ্বান জনোৱাৰ সুযোগেই দিয়া নাছিল ২০১৭ চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ব্রঞ্জ জয়ী লাভলিনাই ৷ প্রতিযোগিতাখনত ভাৰতৰ সর্বোচ্চ ৰেংকিংপ্রাপ্ত মহিলা খেলুৱৈ হিচাপে ভাগ লোৱা লাভলিনাক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ বাবে মাত্র এটা জয়ৰ প্রয়োজন আছিল আৰু বক্সাৰগৰাকীয়ে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰি দেশখনৰ লগতে ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনে ৷ ইফালে লাভলিনা হ’ল পূজা ৰাণী আৰু বিকাশ কৃষণৰ পাছত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা দেশখনৰ তৃতীয়গৰাকী বক্সাৰ ৷ মন কৰিবলগীয়া যে অসমৰ প্রথমগৰাকী মহিলা খেলুৱৈ হিচাপে ‘দ্য গ্রেটেছ শ্ব অন আর্থ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে লাভলিনাই ৷ আনহাতে, তেওঁ হ’ব অলিম্পিকত অসমৰ পৰা অংশ লোৱা পঞ্চমগৰাকী খেলুৱৈ ৷ ইয়াৰ পূর্বে ফুটবালৰ ডাঃ টি আও, শ্বাটলাৰ দীপাংকৰ ভট্টাচার্য, আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই অলিম্পিকত ভাগ লৈছিল ৷

You might also like