নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰৰ আৰক্ষীৰ কেতবোৰ নতুন নিৰ্দেশনা

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অহা ৫ জানুৱাৰী পৰা গুৱাহাটীত অনুষ্ঠিত হব লগীয়া ভাৰত আৰু শ্ৰীলংকাৰ টি-২০ৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ জনসাধাৰণে ড০ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম জনসাধাৰণে প্ৰথম পথ হিচাপে পল্টন বজাৰ আৰু উলুবাৰী দিশৰ পৰা একে আজাদ পথ হৈ যাব পাৰিব। দ্বিতীয়তে গড়চুক চাৰিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ দিশৰ পৰা লোকসকলে একে দেৱ পথেৰে যাব পাৰিব। তৃতীয়তে ভৰলুমুখৰ পৰাও একে দেৱ পথেদি আহিব পাৰিব। আনহাতে লখৰাৰ পৰাও একে আজাদ পথে দি ক্ৰিকেট ষ্টেডিয়ামলৈ আহিব পাৰিব।

পাৰ্কিংৰ ক্ষেত্ৰতো কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে একে দেৱ পথৰ পৰা অহা যান বাহন সমূহ ৰ পাৰ্কিং কৰা স্থান সমূহ হৈছে দতালপাৰা খেলপথাৰ, চম্পাৱৰ্তী খেলথাৰ, গণেশপাৰা খেলপথাৰ, ৰংপথাৰ খেলপথাৰ, জিএমচি খেলপথাৰ আনহাতে সমান্তৰাল পাৰ্কিং কৰি পাৰিব একেদেৱ পথৰ পৰা ধীৰেণপাৰা তিনিআলীৰ পৰা গণেশপাৰা খেলপথাৰলৈকে।

আনহাতে একে আজাদ পথৰ পৰা আহিব লগীয়া যান বাহন সমূহৰ পাৰ্কিং স্থান সমূহ হৈছে আৰ্য কলেজ খেল পথাৰ, বিৰুবাৰী আই টি আই খেলপথাৰ, লুটুমা খেলপথাৰ, সাউকুচি বুধবৰীয়া বজাৰৰ ক্ষেত্ৰত, পানাদোকান খেলপথাৰ, সমান্তৰাল ভাৱে পাৰ্কিং কৰিব পাৰিব লালগণেশৰ পৰা সাউকুচি লৈকে। চাইকেল ফেক্টৰীৰৰ পৰা বৰ্ষাপাৰা লৈকে সমান্তৰাল ভাৱে পাৰ্কিং কৰিব পাৰিব। মহানগৰীৰৰ যান বাহন আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিব দিছে।

You might also like