নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুৰিষ্ট ভিচাৰে আহি ভাগ ল’লে ধৰ্মীয় সভাতঃ আটক বাংলাদেশী নাগৰিক

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ তিতাতোলাৰ পৰা মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে এগৰাকী বাংলাদেশী নাগৰিকক । মুফটি হুছেইন মামুদ নামৰ লোকজনে নিজকে পৰ্যটক বুলি পৰিচয় দি টুৰিষ্ট ভিচাৰে অসমত প্ৰৱেশ কৰিছিল ।

টুৰিষ্ট ভিচাৰে অসমত প্ৰৱেশ কৰা এইগৰাকী বাংলাদেশী নাগৰিকে প্ৰকৃতে ধৰ্মীয় সভাত অংশগ্ৰহণৰ বাবেহে প্ৰৱেশ কৰিছিল অসমত । ধৰ্ম প্ৰচাৰক বুলি পৰিচয় দিয়া এই লোকজনক আৰক্ষীয়ে ধৰ্মীয় সভাত ভাগ নল’বলৈ নিৰ্দেশ দিয়াৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বাংলাদেশী নাগৰকিজনে অসমত প্ৰৱেশ কৰি কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ, দৰং, তেজপুৰ আদি অঞ্চলৰ ধৰ্মীয় সভাত ভাগ লোৱা বুলি উল্লেখ কৰে । প্ৰায় তিনিবছৰ ধৰি অসমলৈ আহি থকা বাংলাদেশৰ এইগৰাকী নাগৰিকে কিদৰে টুৰিষ্ট ভিচা ব্যৱহাৰৰ জৰিয়তে অসমত ধৰ্মীয় সভাত ভাগ লোৱাৰ সুযোগ পালে সেয়াহে এক ডাঙৰ প্ৰশ্ন ।

You might also like