নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ পেটে-ভাতে খাই থকা এজন ব্যক্তিয়ে বিগত বহু বছৰ ধৰি টেকেলিত জমা কৰা সাঁচতীয়া ধন আগবঢ়ালে অসম আৰোগ্য নিধিলৈ । ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যচৰকাৰে যুদ্ধংদেহী মনোভাৱেৰে আগবঢ়াৰ সময়তে ভিন্ন জনে অসম আৰোগ্য় নিধিলৈ আগবঢ়াইছে ধন । কিন্তু গহপুৰৰ এজন ব্যক্তিয়ে আগবঢ়োৱা নিজৰ সাঁচতীয়া ধনৰ বাবেই এতিয়া সকলোৰে পৰিচিত হৈ পৰিছে ।
বিপুল গাংগুলী নামৰ গহপুৰৰ এইজন লোকে বিগত বহুবছৰ ধৰি এটা টেকেলিত জমা কৰি গৈছিল ধন । অৱশেষত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা দেখি যেন ৰ’ব নোৱাৰিলে লোকজন । এটকা-দুটকাকৈ সাঁচি ৰখা টেকেলিটো ভাঙি সমুদায় ধন প্ৰদান কৰে গহপুৰৰ মহকুমাধিপতিক ।
বহুবছৰ ধৰি সাঁচি ৰখা টেকেলিটো ভাঙিলত ৫,০১০ টকা ওলাই আৰু এই ধন পোনে পোনে মহকুমাধিপতিৰ হাতত অৰ্পণ কৰে বিপুল গাংগুলীয়ে । বিপুল গাংগুলীৰ এই মহানুভৱতাৰ পাচতেই এতিয়া সকলোৱে শলাগ লৈছে । পেটে-ভাতে খাই থকা এজন ব্যক্তিয়ে ভৱিষ্যতৰ সম্ভাৱ্য বিপদৰ স্বাৰ্থত সাঁচি ধনখিনি অসম আৰোগ্য নিধিলৈ আগবঢ়াবলৈ কোনো কুণ্ঠাবোধ নকৰা কাৰ্যকো এতিয়া শলাগ লৈছে মহকুমাধিপতি গৰাকীয়ে ।