নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাখাতত ডাম্পাৰে মহতিয়ালে এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ নিশা দুলীয়াজানৰ টেঙাখাতত উদণ্ড ডাম্পাৰ চালকে মহতিয়ালে এখন এম্বুলেঞ্চ । দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰা ডাম্পাৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় । দুলীয়াজানৰ জুটলিবাৰী চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই অনা এই এম্বুলেঞ্চখনত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে ৫ জন লোক । আহত লোককেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে, আৰক্ষীয়ে অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে ডাম্পাৰ চালক ৰাজু সিঙক । দীৰ্ঘদিন একাংশ ডাম্পাৰে এই অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰাৰ অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

You might also like