নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেট উত্তীৰ্ণলৈ সুখবৰঃ নিয়মীয়া শিক্ষকৰ ৯৬৩৫ টা পদৰ বাবে আবেদন আহ্বান

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ যুৱক-যুৱতীলৈ সুখবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে । অচিৰেই বিভাগটোৱে পূৰণ কৰিব ৯,৬৩৫ টা শিক্ষকৰ পদ । ইয়াৰে নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫,৫১৫টা আৰু উচ্চ প্রাথমিক বিদ্যালয়ত ৪,১২০টা পদ পূৰণ কৰা হ’ব ৷ এই উদ্দেশ্যে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে টেট উত্তীর্ণ প্রার্থীৰ পৰা আবেদন বিচাৰিছে ৷ অহা ২৭ জানুৱাৰীৰ পৰা অনলাইনৰ জৰিয়তে প্রার্থীসকলে আবেদন কৰিব পাৰিব ৷ মন কৰিবলগীয়া যে ২০১২ চনতে শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰাৰ পাছত দীঘলীয়া সময় ধৰি অর্থাৎ যোৱা ৭ বছৰ ধৰি টেট অনুষ্ঠিত কৰা হোৱা নাছিল ৷ বিগত বর্ষত টেট অনুষ্ঠিত কৰাৰ পাছত যোৱা ৩১ ডিচেম্বৰত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল ৷ এই পৰীক্ষাত নিম্ন প্রাথমিকৰ বাবে ২,১৮,১৬৪জন প্রার্থী অৱতীর্ণ হোৱাৰ বিপৰীতে উত্তীর্ণ হৈছিল ১৮,৯০৫জন প্রার্থী ৷ আনহাতে, উচ্চ প্রাথমিকত ১,৫৮,৬৮৪জন প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱাৰ বিপৰীতে উত্তীর্ণ হৈছিল ১৫,৩০৪জন প্রার্থী ৷ শিক্ষা বিভাগে খালী পদৰ বিপৰীতে প্রকাশ কৰা এই জাননীয়ে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে টেট উত্তীর্ণসকলক ৷

You might also like