ট্রেভেল হিষ্ট্রী নথকা অমূল্য কলিতা আক্রান্ত হৈছিল পেটৰ বিষত
নিয়মীয়া বাৰ্তা, ২০ মেঃ অসমত বর্তমানলৈ ক’ভিড–১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি হয়৷ ৰঙিয়াৰ নসত্র নিৱাসী অমূল্য কলিতাৰ শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ যোৱা ১৫ মে’ত প্রচণ্ড পেটৰ বিষ হোৱাত অমূল্য কলিতাই স্থানীয় দুখন চিকিৎসালয়ত চিকিৎসকক দেখুৱায়৷ পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যোৱাৰ পৰামর্শ দিয়ে৷ সেইদিনাই পৰিয়ালৰ লোকে অমূল্য কলিতাক জিএমচিএইচত ভর্তি কৰায়৷ এদিন চিকিৎসা লাভ কৰাৰ পিছতে লোকজনৰ ১৬ মে’ৰ নিশা মৃত্যু হয় বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷
মৃত্যুৰ পিছত লোকজনৰ ছোৱাব পৰীক্ষা কৰে আৰু পৰীক্ষাৰ অন্তত তেওঁ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰে স্বাস্থ্য বিভাগে৷ যোৱানিশা খবৰটো পৰিয়ালৰ লোকে লাভ কৰাৰ পিছত পৰিয়ালটোৰ লগতে সমগ্র অঞ্চলটোতে হুৱাদুৱা লাগে৷ কোনো ড্রেভেল হিষ্ট্রী নথকা লোকজনৰ গাত কেনেদৰে ক’ভিড–১৯ সংক্রমিত হ’ল, তাক লৈ বিবুধিত পৰিছে প্রশাসনৰ লগতে স্বাস্থ্য বিভাগ৷ পেছাত লোকজন এগৰাকী কৃষক৷ খেতিকার্যত দীর্ঘসময় নিয়োজিত হৈ থকা লোকজনৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাটোৱে সকলোকে আচৰিত কৰি তুলিছে৷
মঙলবাৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুর্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ কৃষকগৰাকীয়ে চিকিৎসালয়ত নতুবা পুত্রৰ সংস্পর্শলৈ আহি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সন্দেহ কৰিছে মন্ত্রী ড০ শর্মাই৷ চাৰিজন পুত্রৰ দুজনে কোম্পানীত আৰু আন দুজনৰ এজনে খেতিকার্য কৰাৰ লগতে আন এজনে হকাৰ হিচাপে কাম কৰি আহিছে৷ ইতিমধ্যে স্বাস্থ্যমন্ত্রীগৰাকীয়্ পৰিয়ালৰ আন আন সদস্যৰ ছোৱাব ল’বলৈ চিকিৎসকক নির্দেশ দিয়াৰ লগতে প্রয়োজনসাপেক্ষে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰাৰ পৰামর্শ দিয়ে৷ মন্ত্রীগৰাকীয়ে গাঁওখনৰ পাঁচশ মিটাৰপর্যন্ত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ ইফালে জাপিয়া চিকিৎসালয় আৰু পুৰাণ বুর্কা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্র ছীল কৰি চিকিৎসক আৰু স্বাস্থ্যকর্মীক হোম কোৱাৰেণ্টাইন কৰাৰ পৰামর্শ আগবঢ়ায় মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীৰ লগত স্থানীয় বিধায়ক তথা ৰাজ্যিক মন্ত্রী ভবেশ কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক এন, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, চক্র বিষয়া মনালী জৈন উপস্থিত থাকে৷