নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাইনী সন্দেহত নির্যাতিত মহিলাক আদৰি ল’লে গঞাই

মঙলদৈৰ বঙলাগড়ত প্রশাসনৰ সার্থক সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ দৰং জিলাৰ মঙলদৈ ব্লকচক বাগানত বিগত ২৮ নৱেম্বৰত ডাইনী সন্দেহত নির্যাতনৰ সন্মুখীন হোৱা মহিলাগৰাকীক শুকুৰবাৰে অঞ্চলবাসীয়ে আদৰি লয় ৷ তাকে লৈ স্থানীয় এলেকাত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা ৷ সভাত ডাইনী ধাৰণা যে সম্পূর্ণ অমানৱীয় আৰু অন্ধসংস্কাৰ, তাকেই প্রকাশ কৰাৰ লগতে এনে ধাৰণাৰ বশৱর্তী হৈ চলোৱা কার্য বেআইনী আৰু শাস্তিযোগ্য অপৰাধ বুলি জনোৱা হয় ৷ লক্ষণীয় যে দৰং জিলা আইন সেৱা প্রাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত হয় এই আইন সজাগতা সভাখন ৷ ২৮ নৱেম্বৰত সংঘটিত হোৱা ঘটনাটো সন্দর্ভত অনুষ্ঠিত হয় সভাখন ৷ ঘটনা অনুযায়ী, মঙলদৈ বঙলাগড় চাহ বাগানৰ এটি কিশোৰ বহুদিন ধৰি বেমাৰত ভুগি আছিল ৷ বহু বেজ–কবিৰাজ লগোৱাৰ পিছতো ভাল হোৱা নাছিল ৷ অৱশেষত কিশোৰজনৰ মৃত্যু হৈছিল ৷ আধুনিক সাজ পৰিহিত সমাজত সামান্যতমো আধুনিক চিকিৎসা নোপোৱাকৈ মৃত্যু হোৱা কিশোৰজনৰ মৃত্যুৰ বাবে দায়ী কৰা হয় ডাইনীক ৷

যাৰ বাবে সেই মৃত্যুক কেন্দ্র কৰি ফুলমণি নায়ক নামৰ এগৰাকী পঞ্চাশ ঊর্ধ্বৰ মহিলাক নির্মমভাৱে অত্যাচাৰ চলাইছিল বাগানখনৰ একাংশ লোকে ৷ আৰক্ষীয়ে খবৰ পাই মহিলাগৰাকীক উদ্ধাৰ কৰি প্রাণৰক্ষা কৰে যদিও বিগত এমাহে ফুলমণি নিজ ঘৰখনলৈ উভতিব পৰা নাছিল ৷ সেয়ে শুকুৰবাৰে বঙলাগড় বাগানত সজাগতা সভা অনুষ্ঠিত কৰি বাগানখনৰ আদিবাসী লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰি ভ্রান্ত ধাৰণা আঁতৰাবলৈ চেষ্টা কৰাৰ লগতে ফুলমণি নায়কক আৰক্ষীয়ে নিজ ঘৰলৈ লৈ যায়৷ দৰং জিলা আইন সেৱা প্রাধিকাৰীৰ বিভিন্ন বিষয়া–কর্মচাৰীৰ লগতে মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সভাত ভাগ লয় আৰু সকলো লোককে শান্তিপূর্ণভাৱে জীৱন নির্বাহ কৰিবলৈ আহ্বান জনায় ৷

You might also like