ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে টাস্ক ফ’চ গঠনৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যত যান–বাহন আইন উলংঘাৰে চলাচল কৰা ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে প্রতিখন জিলাত টাস্ক ফ’চ গঠনৰ নির্দেশ দিছে অসম আৰক্ষীৰ আইন–শৃংখলাৰ এ ডি জি পি জি পি সিঙে৷
ৰাজহুৱা অভিযোগৰ ভিত্তিত এডিজিপি সিঙে কামৰূপ (ম) জিলাৰ আৰক্ষী আয়ুক্তৰ লগতে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকক শীঘ্রেই এই নির্দেশ কার্যকৰী কৰাৰ আহ্বান জনায়৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন স্থানত একাংশ ডাম্পাৰে নাম্বাৰ প্লেট, ইনডিকেটৰ, লাইট, যাৱতীয় নথি–পত্র আদি নথকাকৈ চলাচল কৰি আহিছে৷ আইন উলংঘাৰে ৰাজপথত চলাচল কৰা ডাম্পাৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ এই নির্দেশৰ পাছতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকে ১০গৰাকী আৰক্ষী বিষয়াক লৈ এটা টাস্ক ফ’চ গঠন কৰি দিছে৷
In light of complaints received, all district police units including guwahati commissionerate have been directed to form task force to sort out issues related to dumpers. A representative order issued today is cited. Hope to see improvement in coming days. @assampolice pic.twitter.com/YXGSFOOlhl
— GP Singh (@gpsinghassam) February 24, 2020